শীৰ্ষ বাতৰি

তলাবন্ধৰ সময়ত গুৱাহাটীত আৰু ১৫টা পেট্ৰ'ল পাম্প খোলা ৰখাৰ অনুমতি

ইয়াৰ পূ্ৰ্বে প্ৰশাসনে তলাবন্ধৰ সময়ছোৱাত গুৱাহাটীত ২৩ পেট্ৰ'ল ডিপো খোলা ৰখাৰ অনুমতি দিছিল।

Sentinel Digital Desk

যোৱা দেওবাৰে মাজনিশাৰ পৰা আৰম্ভ হোৱা সম্পূৰ্ণ তলাবন্ধৰ সময়ছোৱাত গুৱাহাটীত প্ৰশাসনে আৰু ১৫টা পেট্ৰ'ল পাম্প খোলা ৰখাৰ অনুমতি প্ৰদান কৰিছে। এই ১৪ দিনীয়া তলাবন্ধৰ সময়ত জৰুৰী সেৱাসমূহৰ যান-বাহন আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা বাহনৰ সুবিধাৰ্থে এই ১৫ টা পেট্ৰ'ল পাম্পক খোলা ৰখাৰ অনুমতি দিছে প্ৰশাসনে। প্ৰসাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি এই পেট্ৰ'ল পাম্পসমূহ হ'লঃ

১) গোস্বামী ছাৰ্ভিচ ষ্টেচন( শিলপুখুৰী), ২) অম্বিকা ছাৰ্ভিচ ষ্টেচন(জু-ৰোড তিনিআলি), ৩) শৰাইঘাট ছাৰ্ভিচ ষ্টেচন(আদাবাৰী), ৪) বৰুৱা ছাৰ্ভিচ ষ্টেচন (আমবাৰী), ৫) ডেকা ফিলিং ষ্টেচন(ৰুক্মিণীগাঁও), ৬) কিৰণ ছাৰ্ভিচ ষ্টেচন(বেলতলা), ৭) নেছা ছাৰ্ভিচ ষ্টেচন(জি এছ ৰোড), ৮) প্ৰভাত অইল ষ্টেচন( শান্তিপুৰ), ৯) শ্ৰীছাৰ্ভিচ ষ্টেচন(বেতকুচি),১০) কিৰণ ফুৱেল ষ্টেচন(নাৰ্ছাৰী), ১১) শিৱম ফিলিং ষ্টেচন(বৰবাৰী), ১২) বাৰৈ ছাৰ্ভিচ ষ্টেচন( বৰবাৰী), ১৩) গুৱাহাটী এন ই এছ(লখৰা ৰোড), ১৪) ৰাজ এনাৰ্জী ষ্টেচন( জ্যোতিকুচি) আৰু ১৫) গুৱাহাটী শোধনাগাৰ সমবায় পেট্ৰ'ল পাম্প(নুনমাটি)।   

ইয়াৰ পূ্ৰ্বে প্ৰশাসনে তলাবন্ধৰ সময়ছোৱাত গুৱাহাটীত ২৩ পেট্ৰ'ল ডিপো খোলা ৰখাৰ অনুমতি দিছিল।