শীৰ্ষ বাতৰি

২০১৯ লোকসভা নিৰ্বাচনত ১৫ টা দলতকৈ ন'টাৰ ভোটৰ সংখ্যা বেছি

Sentinel Digital Desk

২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনত ১৫ টা দলে লাভ কৰা ভোটৰ সংখ্যা ন'টাতকৈ কম । ন'টা বিভাগটো ২০১৪ চনৰ লোকসভা নিৰ্বাচনত আৰম্ভ কৰা হৈছে । ন'টা শাখাটোৱে এটা দলটো সমৰ্থন নকৰাটো বুজাই । মুঠ ভোটৰ ১.০৬ শতাংশয়ে ন'টায়ে লাভ কৰিছে । ২০১৪ চনতো লোকসভা নিৰ্বাচনত মুঠ ভোটৰ ১.০৮ শতাংশ ভোট ন'টায়ে লাভ কৰে ।

কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাচুৱানৰ লোক জনশক্তি দলে বিহাৰত ৬ খন আসনত জয় লাভ কৰে যদিও মুঠ ভোটৰ ০.৫২ শতাংশ লাভ কৰে দলটোৱে । তিনি খন আসন লাভ কৰে- কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়া মাক্সিছে মুঠ ভোটৰ ০.০১ লাভ কৰে , জম্বু কাশ্মীৰ নেচনেল কনফৰেন্সৰে মুঠ ভোটৰ ০.০৫ শতাংশ লাভ কৰে, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে মুঠ ভোটৰ ০.২৬ শতাংশ লাভ কৰে । এই দল কেইটাৰ ভোটতকৈ ন'টাৰ ভোটৰ সংখ্যা অধিক । লগতে শিৰোমণি অকালি দল, দ্যা অল ইণ্ডিয়া মাজলিচ-ইটেহাদুল মুছলিম, দ্যা কমিউনিষ্ট পাৰ্টি আৰু দ্যা আপনা দালে লোকসভাত দুখন আসনত জয়ী হবলৈ সক্ষম হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি