শীৰ্ষ বাতৰি

ক'ৰ'নাত আক্ৰান্ত হ'ল গুৱাহাটীত কৰ্মৰত ষ্টেট বেংকৰ ১৫কৰ্মচাৰী

Sentinel Digital Desk

সম্পূৰ্ণ তলাবন্ধৰ সময়ছোৱাতো নিজৰ জীৱনলৈ কুণ্ঠাবোধ নকৰি গ্ৰাহকক সেৱা আগবঢ়াই অহা ভাৰতীয় ষ্টেট বেংকৰ ১৫জনকৈ কৰ্মচাৰী ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীত আক্ৰান্ত হৈছে ৷ আটাইকেইজন কৰ্মচাৰী গুৱাহাটীত কৰ্মৰত ৷ প্ৰাপ্ত তথ্য অনুসৰি কৰ্মচাৰীকেইজন এছ বি আইৰ লখৰা আৰু ফাঁচীবজাৰ শাখাত কৰ্মৰত ৷ এই কৰ্মচাৰীকেইজন ক'ৰ'নাত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পাছত তেওঁলোকৰ সহকৰ্মীসকলকো চিকিৎসকৰ নিৰীক্ষণলৈ অনা হৈছে ৷ ইতিমধ্যে নিয়মানুসৰি এইসকল বেংক কৰ্মচাৰীকো কোৱাৰেণ্টিন কৰা হৈছে ৷

ইপিনে, ৰাজ্যত আজি ক'ৰ'না আক্ৰান্তৰ সংখ্যা ছহেজাৰৰো অধিকলৈ বৃদ্ধি পায় ৷ অৱশ্যে ইয়াৰে ৩, ৭৬২জন ৰোগী সুস্থ হৈ চিকিৎসালয়ৰ পৰা বিদায় লৈছে ৷ আনহাতে, বৰ্তমানেও ২, ২৮২জন ৰোগীৰ শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ আছে ৷