শীৰ্ষ বাতৰি

২০২১ৰ নিৰ্বাচনঃ প্ৰাৰ্থিত্ব হেৰুৱাব পাৰে ১৬ বিজেপি বিধায়কে

ৰাজ্যৰ ১২৪ টা সমষ্টিৰ বিধায়কৰ কাম-কাজৰ খতিয়ন অনলাইনৰ জৰিয়তে সংগ্ৰহ কৰিছে নেতৃত্বই ৷

Sentinel Digital Desk

বিগত সময়ত কাম-কাজৰ ক্ষেত্ৰত অকৰ্মণ্যতা প্ৰদৰ্শন কৰা ৰাজ্যৰ কমেও ১৬ জন বিজেপি বিধায়কে আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব হেৰুওৱাৰ প্ৰবল সম্ভাৱনা আছে। দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই বিধায়কসকলৰ কাম-কাজক লৈ মুঠেই সন্তুষ্ট নহয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ দলীয় নেতৃত্ব ৷ তদুপৰি মিত্ৰ দল অসম গণ পৰিষদৰো আঠজন বিধায়কক লৈ সৃষ্টি হৈছে অসন্তুষ্টিৰ ৷ উল্লেখ্য যে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ মাজতো আগন্তুক বিধানসভা নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা অব্যাহত ৰাখিছে বিজেপিয়ে৷ ইয়াৰ অংশস্বৰূপে ৰাজ্যৰ ১২৪ টা সমষ্টিৰ বিধায়কৰ কাম-কাজৰ খতিয়ন অনলাইনৰ জৰিয়তে সংগ্ৰহ কৰিছে নেতৃত্বই ৷ দলীয় সূত্ৰৰ মতে, আগন্তুক চাৰিমাহলৈ বিজেপিৰ এই প্ৰক্ৰিয়া অব্যাহত থাকিব ৷ এনেদৰে সংগ্ৰহ কৰা তথ্য জুঁকিয়াই বিজেপি নেতৃত্ব কমেও ১৬ জন দলীয় বিধায়কৰ কাম-কাজক অসন্তুষ্ট হৈছে। কাৰণ এই বিধায়কসকলৰ কাম-কাজক লৈ ৰাইজৰ ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছে ৷

একেদৰে মিত্ৰদল অসম গণ পৰিষদৰো আঠজন বিধায়কক লৈ সমষ্টিৰ ৰাইজ সন্তুষ্ট নহয় ৷ উল্লেখ্য যে সম্প্ৰতি অসম বিধানসভাত ১২৪ জন বিধায়ক আছে । ৰঙাপাৰাৰ বিধায়ক ৰাজেন বৰঠাকুৰ আৰু শিৱসাগৰৰ বিধায়ক প্ৰণৱ গগৈৰ মৃত্যুৰ পাছত নিৰ্বাচনী অনুষ্ঠিত নোহোৱাত সমষ্টি দুটা বিধায়ক শূণ্য হৈ আছে ৷ ইপিনে, আঠজন বিধায়কৰ বিষয়টো মিত্ৰ দলটোৰ নেতৃবৃন্দক বিজেপিৰ তৰফৰ পৰা অৱগত কৰা হৈছে।