শীৰ্ষ বাতৰি

ক'ৰ'নাৰ অধিক সংক্ৰমণ ৰোধঃ কামৰূপ(ম)তে ১৯ টা কণ্টেইনমেণ্ট জ'ন

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বিধি অনসৰি এনে ব্যৱস্থা গ্ৰহণ কৰা হয়।

Sentinel Digital Desk

ক'ৰ'নাৰ অধিক সংক্ৰমণ ৰোধঃ কামৰূপ(ম)তে ১৯ টা কণ্টেইনমেণ্ট জ'ন

ক'ৰ'নাৰ সংক্ৰমণ নিতৌ বৃদ্ধি পাইছে। নিতৌ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ সমান্তৰালভাৱে সুস্থ হৈ হাস্পতালৰ পৰা বিদায় লোৱা আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে। আনহাতে, কোনো স্থানত ক'ৰ'না চিনাক্ত হ'লে সেই স্থান ক'ৰ'না কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হয়। ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বিধি অনসৰি এনে ব্যৱস্থা গ্ৰহণ কৰা হয়। সম্প্ৰতি ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটী অন্তৰ্ভুক্ত কামৰূপ(মহানগৰ)জিলাতে এনে ১৯ ক'ৰ'না কণ্টেইনমেণ্ট জ'ন আছে।

এই কণ্টেইনমেণ্ট জ'নসমূহ এনেধৰণৰঃ

১) ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত লাখটি, ২) পাণ্ডু ৰেলৱে নিউ কলনী, ৩)বেতকুচি, ৪) জাপৰিগোগ, ৫) বৰবাৰী, ৬) বিষ্ণুপুৰ, ৭) ধীৰেনপাৰা, ৮) পূব শৰণীয়া, ৯) বাথৌনগৰ, ১০)গোশালা, ১১)লখৰাৰ কেন্দ্ৰীয় কাৰাগাৰ, ১২) ইন্দ্ৰপুৰৰ পাহাৰৰ শিখৰ, ১৩) হেঙেৰাবাৰীৰ লিচুবাগান, ১৪) জি এছ ৰোডৰ লক্ষ্মীনগৰৰ শ্যামকুনি এপাৰ্টমেণ্ট, ১৫) পাণবজাৰৰ অৰিহন এপাৰ্টমেণ্ট, ১৬) চন্দ্ৰপুৰৰ হাজংবাৰী গাঁও, ১৭) ফটাশিলৰ ভাস্কৰ নগৰৰ বি-ব্লক, ১৮) চেৰাবভাটি আৰু ১৯)আঁঠগাঁও।