শীৰ্ষ বাতৰি

বাৰানসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ২৫ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতাৰ আগবঢ়াব

Sentinel Digital Desk

বাৰানসী লোকসভা সমষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমকক্ষৰ প্ৰতিদন্দ্বিতাৰ আগবঢ়াবলৈ যোগ্য প্ৰাৰ্থীৰ অভাৱ। সমালোচক সকলও এই কথা মানি লৈছে ।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ৪১ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতাৰ আগবঢ়াইছিল । ২০১৯ চনত মোদীৰ বিৰুদ্ধে ২৫ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতাৰ আগবঢ়াছে ।

২৫ জন প্ৰাৰ্থী বিভিন্ন ৰাজ্যৰ । অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ছট্টিগড়, কেৰেলা আৰু উত্তৰাখণ্ডৰ প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতাৰ আগবঢ়াইছে মোদীৰ বিৰুদ্ধে ।

মহাৰাষ্ট্ৰীয়ান খেতিয়ক মনোহৰ আনন্দ ৰাওয়ে মহাত্মা গান্ধীৰ নিচিনাকৈ পোছাক পৰিধান কৰাৰ লগতে মহাত্মা গান্ধীৰ এখন ফটো ডিঙিত ওলোমাই লয় । পাটিলে এই পোছাকৰ সন্দৰ্ভত কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদীক হৰুৱাবলৈ প্ৰতিদন্দ্বিতা আগবঢ়োৱা নাই কিন্তু তেওঁ খেতিয়ক সকলৰ আদৰ্শ আৰু শোষণ বিৰুদ্ধে থিয় হবলৈ প্ৰতিদন্দ্বিতাৰ আগবঢ়াইছে ।

অন্ধ্ৰ প্ৰদেশৰ মানব বিশ্বমানাব খেতিয়কৰ সৈতে থিয় হবলৈ প্ৰতিদন্দ্বিতাৰ আগবঢ়াইছে বুলি প্ৰকাশ কৰে ।

আন এগৰাকী প্ৰাৰ্থী হিনা চাহিদ । অলিম্পিয়ান স্বৰ্গীয় মহম্মদ চাহিদ ৰ কন্যা । তেওঁ সংসদত মহিলাৰ অধিকাৰ বাবে দাবী উত্থাপন কৰিব বুলি প্ৰকাশ কৰে।

আন এগৰাকী প্ৰাৰ্থী ছট্টিগড়ৰ মানসী শ্ৰীবাস্তব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদন্দ্বিতাৰ আগবঢ়োৱা আন কেইজন প্ৰাৰ্থী হল উত্তৰাখণ্ডৰ সুনিল কুমাৰ, লক্ষৌৰ শ্বেইখ চিৰাজ বাবা, কানপুৰৰ ৰাম চৰন ৰাজপুত , প্ৰেম নাথ শৰ্মা, ত্ৰিভূবন শৰ্মা আৰু অমৰেশ মিশ্ৰ ।

বাৰানসীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী অজয় ৰায়ে প্ৰতিদন্দ্বিতাৰ আগবঢ়াব আৰু সমাজবাদী পাৰ্টিৰ পৰা চালিনি য়াদবে প্ৰতিদন্দ্বিতাৰ আগবঢ়াব ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি