শীৰ্ষ বাতৰি

গুৱাহাটীত শোকাৱহ ঘটনাঃবিস্ফোৰণত ঘটি মৃত্যু অগ্নিনিৰ্বাপক সঁজুলিত গেছ পুনৰ ভৰ্তি কৰা কৰ্মীৰ

বিস্ফোৰণ ঘটি থিতাতে মৃত্যুমুখত পৰা নলবাৰীৰ কৰ্মচাৰীজনক মৃদুল ডেকা বুলি চিনাক্ত কৰা হৈছে ৷

Sentinel Digital Desk

গুৱাহাটীত শোকাৱহ ঘটনাঃবিস্ফোৰণত ঘটি মৃত্যু অগ্নিনিৰ্বাপক সঁজুলিত গেছ পুনৰ ভৰ্তি কৰা কৰ্মীৰ

ক'ৰ'না মহামাৰীৰ আতংকৰ মাজতে আজি গুৱাহাটীৰ ৰুক্মিণীনগৰত সংঘটিত হ'ল এক শোকাৱহ ঘটনা ৷

ফায়াৰ এক্সটিংগুইচাৰ অৰ্থাৎ অগ্নিনিৰ্বাপক সঁজুলিত গেছ পুনৰ ভৰ্তি কৰা এজন কৰ্মীৰ গেছ ভৰ্তি কৰি অৱস্থাত বিস্ফোৰণ ঘটি মৃত্যু ঘটে ৷ দোকানতে বিস্ফোৰণৰ ফলত কৰ্মচাৰীজনৰ মৃত্যু হয় ৷

বিস্ফোৰণ ঘটি থিতাতে মৃত্যুমুখত পৰা নলবাৰীৰ কৰ্মচাৰীজনক মৃদুল ডেকা বুলি চিনাক্ত কৰা হৈছে ৷

 তেওঁ আজি প্ৰথমবাৰলৈ কামত যোগ দিছিল যুৱকজনে ৷ অকাল মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মাথোঁ ২৫বছৰ ৷ এই কথা জানিবলৈ দিয়ে স্থানীয় এজন লোকে ৷