শীৰ্ষ বাতৰি

সৰুসজাই কোৱাৰেণ্টিন কেন্দ্ৰৰ পৰা তিনি ক'ৱিড আক্ৰান্তৰ পলায়নৰ অপচেষ্টা

Sentinel Digital Desk

সৰুসজাই কোৱাৰেণ্টিন কেন্দ্ৰৰ পৰা তিনি ক'ৱিড আক্ৰান্তৰ পলায়নৰ অপচেষ্টা

ক'ৰ'না মহামাৰীক লৈ ৰাজ্যবাসী উদ্বিগ্ন আৰু আতংকিত হৈ থকাৰ সময়তে গুৱাহাটীৰ সৰুসজাই কোৱাৰেণ্টিন কেন্দ্ৰৰ পৰা পলায়নৰ অপচেষ্টা চলাই আটক হ'ল তিনিজন ক'ৱিড-১৯আক্ৰান্ত৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি উক্ত কোৱাৰেণ্টিন কেন্দ্ৰৰ পৰা পলায়ন কৰা ক'ৰ'না আক্ৰান্ত কেইজনক হোজাই আৰু নলবাৰী আৰক্ষীয়ে আটক কৰে ৷ এই সম্পৰ্কীয় এটা টুইটত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়, " নলবাৰীৰ হামিদুল আহমেদ আৰু শ্বাহাজল আলীয়ে কোৱাৰেণ্টিন চেণ্টাৰৰ পৰা পলায়ন কৰে ৷ একেদৰে হোজাইৰ মহম্মদ ছাইদুল ইছলামেও পলায়ন কৰিছিল। তিনিওকে আৰক্ষীয়ে আটক কৰে ৷ এনেধৰণৰ নীতি-নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব "৷ উল্লেখ্য যে তলাবন্ধৰ সময়ছোৱাত বহিঃৰাজ্যৰ পৰা অহা অসমৰ লোকক সৰুসজাই কোৱাৰেণ্টিন কেন্দ্ৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷