শীৰ্ষ বাতৰি

ক'ৰ'না অন্ত পৰাৰ পাছতো খোল নাখাব দেশৰ ৩০ শতাংশ ৰেষ্টোৰাঁ !

Sentinel Digital Desk

ক'ৰ'না মহামাৰীৰ বিভীষিকা অন্ত পৰাৰ পাছতো পুনৰ খোল নাখাব দেশৰ মুঠ ৰেষ্টোৰাঁৰ ৩০ শতাংশ ৰেষ্টোৰাঁ। এপ পৰিচালিত ৰেষ্টোৰাঁৰ ব্যৱসায় কৰা জমাতোৰ শেহতীয়া এখন প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। জমাতোৰ এই প্ৰতিবেদনৰ তথ্য অনুসৰি সম্প্ৰতি খাদ্য থিতাতে গ্ৰহণ কৰিব পৰা ৰেষ্টোৰাঁসমূহৰ ১০ শতাংশ বন্ধ হৈ আছে। প্ৰতিবেধনখনত লগতে কোৱা হৈছে যে ক'ৰ'না মহামাৰীৰ বাবে বৰ্তমানে  দেশৰ কাম-কাজ নচলা ৩০ শতাংশ ৰেষ্টোৰাঁ পুনৰ খোলাৰ সম্ভাৱনা নাই। 

কিন্তু ক'ৰ'নাৰ বিভীষিকা অন্ত পৰাৰ পাছতো এই ৰেষ্টোৰাঁসমূহ পুনৰ মুকলিৰ সম্ভাৱনা নাই বুলি উক্ত প্ৰতিবেদনত কোৱা হৈছে। দেশত ক'ৰ'না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পাছত ৮৩শতাংশ ৰেষ্টোৰাঁ বন্ধ হৈ পৰে। ইয়াৰে ৪৩ শতাংশ ৰেষ্টোৰাঁ সম্প্ৰতি চলি আছে। উল্লেখ্য যে যোৱা ২৪ মাৰ্চৰ নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম পৰ্যায়ৰ লক-ডাউন ঘোষণা কৰিছিল।