শীৰ্ষ বাতৰি

বন্দে ভাৰত মিছনঃ অৱশেষত গুৱাহাটীত উপস্থিত ৰাছিয়াত আবদ্ধ ৩৭ অসমীয়া

Sentinel Digital Desk

বন্দে ভাৰত মিছনঃ অৱশেষত গুৱাহাটীত উপস্থিত ৰাছিয়াত আবদ্ধ ৩৭ অসমীয়া

অৱশেষত অসমত উপস্থিত হ'ল তলাবন্ধৰ ফলত ৰাছিয়াত আবদ্ধ ৩৭গৰাকী অসমীয়া ব্যক্তি। বন্দে ভাৰত মিছনৰ অংশস্বৰূপে তলাবন্ধৰ মাজতে বিদেশত আবদ্ধ ভাৰতীয় লোকক উদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ বিমান চলাচল কৰোৱাইছে।
বুধবাৰে পুৱতি নিশা এনে এখন বিমান গুৱাহাটীৰ বৰঝাৰ বিমানকোঠত উপস্থিত হয়। এই বিমানে তলাবন্ধৰ ফলত ৰাছিয়াত আবদ্ধ ৩৭গৰাকী অসমীয়াক গৃহভূমিলৈ আনিছে। নিশা ১-৩০ বজাত এই বিমানবৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানকোঠত উপস্থিত হোৱাৰ পাছতে যাত্ৰীসকলৰ থু-খেকাৰৰ নমুনা সংগ্ৰহৰ ব্যৱস্থা কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে। উল্লেখ্য যে যোৱা ২৬ মে'ত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই সদৰী কৰিছিল যে চাৰিখন বিশেষ বিমানে তলাবন্ধৰ ফলত ইউক্ৰেইন, ৰাছিয়াৰ মস্কো, ফিলিপাইনছ আৰু কুৱেইটত আৱদ্ধ ভাৰতীয় লোকক গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিব। মুখ্য সচিবৰ এই ঘোষণাৰ পাছতে যোৱা ২৯ মে'ত কুৱেইটৰ পৰা এনে এখন বিশেষ বিমান গুৱাহাটীত উপস্থিত হয়। এই বিমানত কুৱেইটত আবদ্ধ ১৫৫জন ভাৰতীয় লোক আহে। এই লোকসকলৰে ৩০জন শৰীৰত পৰৱৰ্তী সময়ত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰে।