শীৰ্ষ বাতৰি

সুখবৰঃ অসমত আৰু ৩৮ ক'ৱিড-১৯ আক্ৰান্তক হাস্পতালৰ পৰা অব্যাহতি

Sentinel Digital Desk

সুখবৰঃ অসমত আৰু ৩৮ ক'ৱিড-১৯ আক্ৰান্তক হাস্পতালৰ পৰা অব্যাহতি

ক'ৱিড-১৯ মহামাৰীক লৈ আতংকিত জনতাৰ বাবে আৰু এক সুখবৰ! ৰাজ্যত আৰু ৩৮ জন ক'ৱিড-১৯ মহামাৰী আক্ৰান্ত সুস্থ হোৱাত চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হৈছে। এই কথা সদৰী কৰি শনিবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ৩৮ ক'ৱিড-১৯ আক্ৰান্তৰ ২৩জনক গুৱাহাটীৰ কালাপাহাৰৰ কৰনা চিকিত্সা ব্যৱস্থাৰ পৰা, ১০ জনক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল, ৩ জনক শিলচৰ মেডিকেল কলেজৰ পৰা আৰু ২জনক ডিফু মেডিকেল কলেজ হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে। ফলত হাস্পতালৰ পৰা যাবলৈ দিয়া তথা সুস্থ হোৱা কৰনা আক্ৰান্তৰ সংখ্যা ৫৪৭জনলৈ বৃদ্ধি পাইছে।