শীৰ্ষ বাতৰি

জুবীনক আক্ৰমণৰ ব্যৰ্থ চেষ্টাঃ চাৰি অভিযুক্তক জামিন আদালতৰ

Sentinel Digital Desk

যোৱা ১৩ আগষ্টৰ নিশা গুৱাহাটীৰ ৰাজপথত জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গক আক্ৰমণৰ ব্যৰ্থ চেষ্টা চলোৱা এটা উন্মত্ত দলৰ চাৰিজনৰ জামিন মঞ্জুৰ হৈছে। কামৰূপ(মহানগৰ)ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে চাৰি অভিযুক্ত ক্ৰমে ডাঃ অৰূপজ্যোতি তালুকদাৰ, হীৰকজ্যোতি ৰাজবংশী, দিশান ভাগৱতী আৰু গীতাৰ্থ ডেকাৰ জামিন আবেদন মঞ্জুৰ কৰিছে। কালি আদালতে আটাইকেইজনৰ জামিন মঞ্জুৰ কৰে।

জুবিনক অশালীন আচৰণ কৰি পলাই আছিল চাৰিওগৰাকী অভিযুক্ত। আটাইকেইজন কংগ্ৰেছৰ ভ্ৰাতৃ সংগঠন এন এছ ইউ আইৰ নেতা।

উল্লেখ্য যে ঘটনাৰ পাছত জুবীনে দাখিল কৰা এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষী থানাত উন্মত্ত দলটোৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৪৩/১৮৮/২৬৯/২৭০/৩৪১/২৯৪/৫০০/৫০৬ ধাৰাত গোচৰ ৰুজু হয়।

প্ৰতিজন অভিযুক্তই ১০,০০০ টকা বণ্ডৰ বিনিময়ত জামিন লাভ কৰে। ৫ দিনৰ ভিতৰত অভিযুক্তকেইজনক দিছপুৰ থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে আদালতে।