শুকুৰবাৰ, ০৫ নৱেম্বৰত গোৱাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ প্ৰদৰ্শনৰ হেতু অসমৰ ৪ খন বাছনি কৰা হয়।
ছবিকেইখন ৪ খন এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ভাৰতীয় সাঁচৰ অধীনত বিশেষ প্ৰদৰ্শনীৰ বাবে প্ৰেৰণ কৰা হৈছে। এই ছবি ৪ খনৰ ৩খন কাহিনীমূলক আৰু ১ খন অ-কাহিনীমূলক ছবি।
এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কাহিনীমূলক ছবি শাখাত প্ৰদৰ্শন কৰা ভাৰতীয় খণ্ডৰ এখন ছবি আছিল অসমৰ। বড়ো ভাষাত নিৰ্মিত এই ছবিখনৰ নাম হৈছে "শ্বিজৌ"। ছবিখনৰ নিৰ্দেশনাত বিশাল পি. চলিহাৰ।
একেটি খণ্ডতে প্ৰদৰ্শন কৰা আন এখনি ছবি হৈছে অসমীয়া জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ ডিমাছা ভাষাত নিৰ্মিত "চেমখৰ"।
এই খণ্ডত প্ৰদৰ্শন কৰা তৃতীয় খন ছবি হৈছে বিশ্বজিৎ বৰা নিৰ্দেশিত মিছিং ভাষাত নিৰ্মিত "বুম্বা ৰাইড"।
এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ অ-কাহিনীমূলক শিতানত প্ৰদৰ্শনীৰ বাবে বাছনি কৰা ছবিখন হৈছে কিশোৰ কলিতা নিৰ্দেশিত অসমীয়া ভাষাৰ তথ্যচিত্ৰ "বীৰাংগনা"
উল্লেখযোগ্য যে অ-কাহিনীমূলক শিতানত প্ৰদৰ্শনৰ বাবে বাছনি কৰা হয় হাঁওবাম পৱন কুমাৰ নিৰ্দেশিত মণিপুৰী ভাষাৰ তথ্যচিত্ৰ "পাবুং শ্যাম"।
ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালকালয়ৰ লগতে ভাৰত চৰকাৰ আৰু সমাচাৰ আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগিতাত গোৱা ৰাজ্য চৰকাৰে পৰিচালনা কৰে এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। সম্পূৰ্ণ ৯দিন জোৰা এই অনুষ্ঠানৰ আৰম্ভণি হয় ২০নৱেম্বৰ তাৰিখে আৰু পৰিসমাপ্তি ঘটে ২৮নৱেম্বৰ ২০২১ তাৰিখে। বাছনি কৰা সকলো চলচ্চিত্ৰ সমূহক প্ৰতিনিধি তথা সন্মানীয় ব্যক্তি সকলৰ আগত প্ৰস্তুত কৰা হয়।
ছবিখনৰ বাছনি কৰা হয় গণ্য মান্য চলচ্চিত্ৰ জগতৰ ব্যক্তি সকলে। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সৰ্বমুঠ ২৫খন ফিচাৰ আৰু ২০খন নন - ফিচাৰ ছবি প্ৰদৰ্শন কৰা হয়।