শীৰ্ষ বাতৰি

তলাবন্ধত খোলা থাকিব ষ্টেটবেংকৰ গুৱাহাটীৰ ৪টা শাখা

Sentinel Digital Desk

উদ্বেগজনকভাবে ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কাইলৈ দেওবাৰে মাজনিশাৰ পৰা গুৱাহাটীত সম্পূৰ্ণ তলাবন্ধ ঘোষণা কৰিছে। এই তলাবন্ধ আৰম্ভ হোৱাৰ প্ৰাকক্ষণত ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই ঘোষণা কৰিছে যে এই তলাবন্ধৰ সময়ছোৱাত ষ্টেট বেংকৰ গুৱাহাটীৰ চাৰিটা শাখাহে খোলা থাকিব। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে তলাবন্ধৰ সময়ছোৱাত বেংকসমূহক মাথোঁ ১০ শতাংশ শাখাহে খোলা ৰাখিবলৈ নিৰ্দেশ জাৰি কৰে। উল্লেখ্য য়ে এই তলাবন্ধ অহা ১২ জুলাইলৈকে বাহাল থাকিব। ষ্টেট  বেংকৰ আঞ্চলিক প্ৰৱন্ধকে কৰা ঘোষণা অনুসৰি নিম্নোক্ত শাখাকেইটা খোলা থাকিবঃ

১) গুৱাহাটী মেডিকেল কলেজ শাখা

২) অসম সচিবালয় শাখা

৩) মালিগাঁও শাখা আৰু

৪) গুৱাহাটী বিমানকোঠ শাখা।