শীৰ্ষ বাতৰি

সমগ্ৰ অসমতে এমজিএনৰেগা আচনিৰ অধিনত ৪১,০০০ পৰিয়ালে চাকৰি লাভ কৰিছে

Sentinel Digital Desk

বিগত ৩ টা বছৰত সমগ্ৰ অসমতে এমজিএনৰেগা (Mahatma gandhi National Rural Employment Guarantee scheme) আচনিৰ অধিনত ৪১,০০০ লাখ পৰিয়ালে নিযুক্তি লাভ কৰিছে । ২০১৬-১৭ আৰু ২০১৭-১৮ চনত ১১,০০০ পৰিয়ালে নিয়োগ লাভ কৰাৰ লগতে ২০১৮-১৯ চনৰ অধিনত মুঠ ১৯,০০০ পৰিয়ালে চাকৰি লাভ কৰে। মংগলবাৰে লোকসভাত এই তথ্য দিছে গ্ৰামোন্নয়ন মন্ত্ৰী নৰেন্দ্ৰ সিঙ টমাৰে।

ৰাজ্যিক ভিত্তিত মন্ত্ৰী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নব কুমাৰ দলে আচনি খন ৰূপায়ণৰ তদাৰকৰ কৰি আছে । সংসদত প্ৰকাশ কৰা তথ্য মতে, ২০১৬-১৭ চনত অসমতকৈ উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্য ত্ৰিপুৰা , মিজোৰাম আৰু মেঘালয়ত পদৰ্শন ভাল আছিল । ২০১৬-১৭ চনত ত্ৰিপুৰাত ১.১৬ লাখ পৰিয়ালে নিয়োগৰ সুযোগ লাভ কৰিছিল । মেঘালয়ত ৮৭,০০০ আৰু মিজোৰামত ৫৭,০০০ পৰিয়ালে চাকৰি লাভ কৰিছিল । ২০১৮-১৯ চনত মেঘালয়ত ১.১৫ লাখ লোকে চাকৰি লাভ কৰিছিল । ২০১৮-১৯ চনত মেঘালয়ত এমজিএনৰেগাৰ অধিনত ১.৬১ লাখ পৰিয়ালে চাকৰি লাভ কৰিছিল । বিগত ৩ টা বছৰত সমগ্ৰ অসমতে এমজিএনৰেগা আচনিৰ অধিনত ৪১,০০০ লাখ পৰিয়ালে নিযুক্তি লাভ কৰিছে ।

এমজিএনৰেগা আচনি ইউপিয়ে চৰকাৰে আৰম্ভ কৰিছিল । এন ডি এয়ে চৰকাৰে আচনি খন গ্ৰহণ কৰি হিতাধিকাৰী সকলক ১০০ দিনৰ প্ৰদান কৰে প্ৰত্যেক বছৰে । আনহাতে, যত কোনো উন্নত কামৰ ব্যবস্থা নাথাকে , এই আঁচনিৰ যোগেদি গ্ৰাম্যাঞ্চলৰ সকলৰ জীৱন সুৰক্ষা প্ৰদান কৰে। এই আঁচনিৰ অধিনত বিভিন্ন ধৰনৰ কাম প্ৰদান কৰা হয় ।