শীৰ্ষ বাতৰি

পাঁচজন অৰুণাচলী যুৱকক অপহৰণ চীনা সেনাৰঃ কংগ্ৰেছ বিধায়ক নিনঙৰ অভিযোগ

Sentinel Digital Desk

আগ্ৰাসী চীনা সেনাই অৰুণাচল প্ৰদেশৰ পাঁচজন যুৱকক অপহৰণ কৰিছে ৷ এই অভিযোগ উত্থাপন কৰিছে এজন অৰুণাচলী কংগ্ৰেছ বিধায়কে ৷ কংগ্ৰেছ বিধায়ক নিনং এৰিঙে শনিবাৰে এটা টুইটত কয় যে চীনৰ পিপ'লছ লিবাৰেচন আৰ্মীয়ে অৰুণাচল প্ৰদেশৰ সোৱণশিৰি জিলাৰ পৰা পাঁচজন যুৱকক অপহৰণ কৰি লৈ যায় ৷ অপহৃত এই যুৱককেইজনৰ নাম থকা এটা ফে'চবুক প'ষ্টৰ স্ক্ৰীণ শ্বটো বিধায়কজনে টুইটাৰত শ্বেয়াৰ কৰিছে। অৱশ্যে তেওঁ কেতিয়া এই যুৱককেইজন চীনা সেনাৰ দ্বাৰা অপহ্ৰত হ'ল, তাৰ দিন আৰু তাৰ উল্লেখ কৰা নাই। বিধায়ক এৰিঙে লগতে কয় যে এনেধৰণৰ ঘটনা পূৰ্বেও সংঘটিত হৈছে। ইয়াৰ বাবে চীনক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ বিধায়কজনে দাবী উত্থাপন কৰিছে ৷

আনহাতে, আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি অপহৃত যুৱককেইজনৰ পৰিচয় উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকক উদ্ধাৰৰ বাবে চেষ্টা কৰি থকা হৈছে ৷ উল্লেখ্য যে যোৱা ১৯ মাৰ্চতো চীনা সেনাই এজন অৰুণাচলী যুৱকক অপহৰণ কৰিছিল। পৰৱৰ্তী সময়ত ভাৰতীয় সেনাই যুৱকজনক উদ্ধাৰৰ ব্যৱস্থা কৰে ৷