শীৰ্ষ বাতৰি

ৰাজ্যৰ ৫ খন কলেজে পাব বিশ্ববিদ্যালয়ৰ মৰ্যাদাঃ মুখ্যমন্ত্ৰী শৰ্মা

Sentinel Digital Desk

ৰাজ্যৰ পাঁচখন মহাবিদ্যালয়ে বিশ্ববিদ্যালয়ৰ মৰ্যাদা পাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই মহাবিদ্যালয়কেইখন হৈছে লখিমপুৰ মহাবিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয় ৷ আজি মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আয়োজিত উত্তৰ-পূব শিক্ষা সন্মিলনত ভাষণ দি এই কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, " আমি আমাৰ স্বতন্ত্ৰ শিক্ষা প্ৰতিষ্ঠান ক্ৰমে লখিমপুৰ কলেজ, যোৰহাটৰ জে বি কলেজ, নগাওঁ কলেজৰ লগতে শিৱসাগৰ কলেজ আৰু গুৱাহাটীৰ সন্দিকৈ কলেজক বিশ্বিদ্যালয়ৰ মৰ্যাদা দিয়াৰ বাবে বাছনি কৰিছো । আগন্তক দুবছৰত এই কলেজসমূহক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হব।"

এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুও উপস্থিত থাকে।