শীৰ্ষ বাতৰি

অবৈধ সামগ্ৰী জিম্মাত ৰাখি নিলম্বিত মণিপুৰৰ ৫ জন আৰক্ষী

Sentinel Digital Desk

ইম্ফল: আৰক্ষী সঞ্চালক প্ৰধান পি ডাউংগেলে বুধবাৰে ঘোষণা কৰে যে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন নম্বৰ ৪ পাউদাৰ আৰু ডব্লিউ ৱাই (ৱৰ্ল্ড ইজ ইউৰছ) টেবলেট অবৈধ ভাৱে নিজ জিম্মাত ৰখাৰ বাবে আটক কৰা হৈছে ৰাজ্য খনৰ পাঁচজন আৰক্ষীক। মণিপুৰ আৰক্ষী কমাণ্ডোৰ পাঁচজন সদস্যক নিলম্বিত কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰা হৈছে। ডিজিপি ডাউংগেলৰ মতে, এই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে, আৰু ৰাজ্যখনৰ আৰক্ষীয়ে পাঁচজন কমাণ্ডো সদস্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰিছে।