অসম আৰক্ষীৰ লগতে সাধাৰণ লোকৰ বাবেও স্বস্তিৰ বতৰা। ডিমা নিয়োজিত ক'ৰ'না আক্ৰান্ত ছগৰাকী আৰক্ষী লোক সুস্থ হৈ পুনৰ কৰ্তব্যত যোগদান কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি জিলাখনত ক'ৰ'নাত আক্ৰান্ত আটাইকেইজন আৰক্ষী লোক সুস্থ হৈছে । এই কথা সদৰী কৰি অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান(আইন-শৃংখলা) জি পি সিঙে এটা টুইটত কয়, " আমাৰ এই মহামাৰীবিৰোধী যুঁজাৰু লেন্স নায়ক জাকিৰ হুছেইন চৌধুৰী আৰু মান্দাৰদিছা আৰক্ষী চকীৰ আন চাৰিজনে ক'ৰ'নাক পৰাজিত কৰি পুনৰ কৰ্তব্যত যোগদান কৰিছে। আপোনালোকক লৈ আমি গৌৰৱবোধ কৰিছো"।
আনহাতে, ডিমা হাছাওৰ আৰক্ষী অধীক্ষক জয়ন্ত কুমাৰে প্ৰকাশ কৰা অনুসৰি জিলাখনত নিয়োজিত যিসকল আৰক্ষী বাহিনীৰ লোক ক'ৰ'নাত আক্ৰান্ত হৈছিল, সেই আটাইকেইজন সুস্থ হৈ কৰ্তব্যলৈ পুনৰ ঘূৰি আহিছে।
আৰু পঢ়িব পাৰেঃ কোকৰাঝাৰত সুস্থ সন্তান জন্ম দিলে দুগৰাকী ক'ৰ'না আক্ৰান্ত মহিলাই