শীৰ্ষ বাতৰি

নাহৰফুটুকীৰ আক্ৰমণত গুৱাহাটীত শিশুৰ মৃত্যু

Sentinel Digital Desk

ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ মাজতে গুৱাহাটীত শুকুৰবাৰে এটা নাহৰফুটুকীৰ আক্ৰমণত এটি শিশুৰ মৃত্যু হয়। প্ৰাপ্ত তথ্য অনুসৰি মহানগৰীৰ মালিগাঁৱৰ নীলাচল পাহাৰ অঞ্চলত নাহৰফুটুকীটোৰ আক্ৰমণত এটি ছবছৰীয়া শিশুৱে প্ৰাণ হেৰুৱায়। ঘৰৰ ওচৰত খেলি থকাৰ সময়ত শিশুটিক আকস্মিকভাবে বাঘটোৱে আক্ৰমণ কৰে।

আনহাতে, স্থানীয় একাংশ লোকে লোমহৰ্ষক ঘটনাটো দেখি চিঞৰ-বাখৰ কৰে যদিও শিশুটিক বাঘটোৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। বাঘটোৱে বহু লোকৰ সন্মুখতে অসহায় শিশুটিক কামুৰি চোঁচৰাই ঘন জংঘলৰ মাজলৈ লৈ যায়।