শীৰ্ষ বাতৰি

দিল্লীৰ জামা মছজিদত নিয়োজিত ৭৫ বি এছ এফ জোৱানৰ শৰীৰত ক'ৰ'না ভাইৰাছ

Sentinel Digital Desk

সুৰক্ষা বাহিমীৰ বাবে এক দুখবৰ ! দিল্লীৰ জামা মছজিদৰ সুৰক্ষাত নিয়োজিত ৭৫ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ শৰীৰত ধৰা পৰিছে মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি। জামা মছজিদত মুঠতে ৯৪ জন বি এছ এফৰ জোৱান নিয়োজিত হৈ আছে। ইয়াৰে ৭৫ জন ক'ৰ'না পজিটিভ হোৱাৰ কথা প্ৰকাশ কৰিছে বি এছ এফ কৰ্তৃপক্ষই। এনে এক ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাতো। মাথোঁ চাৰিদিনৰ ভিতৰতে ত্ৰিপুৰাত কমেও ৪০ টা নতুন ক'ৱিড পজিটিভ ঘটনা ধৰা পৰিছে। নতুনকৈ ১৩ জন সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱান ক'ৱিড-১৯ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতেই বুধবাৰে ত্ৰিপুৰাত ক'ৰ'না আক্ৰান্তৰ সংখ্যা হয়গৈ ৪০ জন। গোটেইকেইটা পজিটিভ ঘটনা বি এছ এফ, তেওঁলোকৰ পৰিয়াল , আৰু মেছ কৰ্মীৰ লগত জড়িত । বিগত ৪ দিনত অহা নতুন ঘটনা কেইটা ১৩৮ বেটেলিয়ান বি এছ এফ ধালাই জিলাৰ । ২ মে'ত দুজন‌ জোৱানৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই আন ১২ জনৰ দেহতো পোৱা যায় ক'ৰ'না ভাইৰাছৰ অৱস্থিতি।