শীৰ্ষ বাতৰি

নগালেণ্ডত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা ৫৮ জনলৈ বৃদ্ধি, ছিকিমত আৰু এজন পজিটিভ চিনাক্ত

Sentinel Digital Desk

নগালেণ্ডত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা ৫৮ জনলৈ বৃদ্ধি, ছিকিমত আৰু এজন পজিটিভ চিনাক্ত

দেশত তীব্ৰ হাৰত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা।‌বুধবাৰে নগালেণ্ডত নতুন নজন ব্যক্তিৰ দেহত ধৰা পৰে ক'ৰ'না ভাইৰাছৰ অৱস্থিতি। ফলত নগালেণ্ডত মুঠ ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা ৫৮ জনলৈ বৃদ্ধি পাইছে । উল্লেখযোগ্য যে এই ব্যক্তি কেইজন চেন্নাইৰ পৰা অহা ।

নগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংনুই ফমে টুইটাৰ যোগে জনায় যে কালি ১১৫ টা ক'ৱিড -১৯ ৰ পৰীক্ষা কৰা হয় । যাৰ ভিতৰত ন টা পজিটিভ ওলায় ।

নগালেণ্ডত বৃদ্ধি হোৱা ক'ৱিড-১৯ ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ১ জুনত ডিমাপুৰৰ টুৰিষ্ট লজক ক'ৱিড-১৯ চিকিৎসালয়লৈ পৰিবৰ্তন কৰা হয় ।‌সম্প্ৰতি ডিমাপুৰত কোভিড-১৯ ৰোগীৰ বাবে ডিমাপুৰ জিলা চিকিৎসালয় আৰু টুৰিষ্ট ল'জ আছে ।

একেদৰে ছিকিমটো বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা। নতুনকৈ এজনৰ দেহত পোৱা যায় ক'ৰ'না ভাইৰাছৰ অৱস্থিতি। এই লোকজন‌ দিল্লীৰ পৰা আহিছিল। উল্লেখযোগ্য যে ছিকিমত মুঠ ক'ৰোনা আক্ৰান্ত ব্যক্তিৰ সংখ্যা হয়গৈ ২ জন ।‌

২৫ মে'ত দিল্লীৰ পৰা এজন ৫৬ বছৰীয়া লোক আহি ছিকিমত উপস্থিত হয় ।তাৰ পিছতেই মঙ্গলবাৰে তেওঁৰ ক'ৱিড-১৯ ৰ পৰীক্ষা পজিটিভ ওলায় ।‌

উল্লেখযোগ্য যে ২৩ মে'ত ছিকিমত প্ৰথমটো ক'ৱিড -১৯ ৰ ঘটনা পোহৰলৈ আহে। ২৫ বছৰীয়া এই লোকজনো দিল্লীৰ পৰা আহিছিল।