শীৰ্ষ বাতৰি

২০২১: ৰাজ্যৰ ১২৬টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব আপে

Sentinel Digital Desk

অসম বিধানসভাৰ আগন্তুক ২০২১ৰ নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিলে আম আদমী পাৰ্টী (আপ)য়েও ৷ দলীয় নেতৃত্বই প্ৰকাশ কৰা অনুসৰি আপে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যৰ আটাইকেইটা অৰ্থাৎ ১২৬টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ আনহাতে, কলিয়াবৰ বিধানসভা সমষ্টিত আম আদমি পাৰ্টীৰ শাখা গঠন কৰা হৈছে। শুকুৰবাৰে কলিয়াবৰৰ কুঁৱৰীটোলত আয়োজিত এখন সভাত আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰী, ৰাজ‍্যিক শীৰ্ষ নেতা লক্ষ্মীকান্ত ডুবেৰ উপস্থিতিত কলিয়াবৰ শাখা সমিতি গঠন কৰা হয়।

ৰাজ‍্যৰ ১২৬টা সমষ্টিতে দলীয় প্ৰাৰ্থী থিয় কৰোৱাৰ লক্ষ‍্যৰে আপৰ সাংগঠনিক কাম-কাজে যথেষ্ট গতিশীলতা লাভ কৰিছে বুলি জনাইছে দলীয় কৰ্মকৰ্তাই। দলীয় নেতৃত্বই কয় যে ৰাজ‍্যৰ বানৰ স্থায়ী সমাধান, শিক্ষা ব‍্যৱস্থা আৰু স্বাস্থ‍্যখণ্ডৰ আমূল পৰিৱৰ্তনত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব।