শীৰ্ষ বাতৰি

নামনি সুৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত আছুৰ লক্ষিমপুৰ শাখাৰ অৱস্থান ধৰ্মঘট

Sentinel Digital Desk

৫ জুনত ৰাজ্যিক বিধানসভাৰ মজিয়াত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল প্ৰাক্তন ব্ৰিগেডিয়াৰ ডঃ বি ডি মিশ্ৰয়ে নামনি সুৱনশিৰি জলবিদ্যুত প্ৰকল্পক সমৰ্থন কৰি কৰা বিতৰ্কিত মন্তব্যৰ পাছতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৰ লক্ষিমপুৰ শাখায়ে ।

সদৌ অসম ছাত্ৰ সন্থায়ে মংগলবাৰে লক্ষিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নামনি সুৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ কাম বন্ধ কৰিবলৈ দাবী উত্থাপন কৰি অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। নামনি সুৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ কাম বন্ধ কৰাৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰত প্ৰেৰণ কৰে ।

অসমৰ বিশেষজ্ঞয়ে প্ৰকাশ কৰে যে এই নদী বান্ধৰ ফলত বহুতো প্ৰভাৱ পৰিব । সুৱনশিৰি জলবিদ্যু প্ৰকল্পৰ ফলত ২০০০ মেগাৱাট বিদুৎ উৎপাদন হব বুলি প্ৰকাশ কৰে। বৰ্তমান সুৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ বিষয়টো উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ অধিনত আছে । বৰ্তমানলৈকে ৰায় প্ৰদান কৰা নাই । এনে পৰিস্থিতিত ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি এন এইচ পি চিয়ে নিৰ্মাণ কাৰ্য চলাই আছে । এন এইচ পি চিৰ এই কাৰ্যৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে সুৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবী জনাইছে । আছুৰ উত্তৰ লক্ষিমপুৰ শাখাৰ সম্পাদক প্ৰানজিৎ গগৈ আৰু সভাপতি পুনাম জ্যোতি বুঢ়াগোহাঁইয়ে এই কথা প্ৰকাশ কৰি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

নামনি অসমৰ লোকসকলৰ জীৱন আৰু সম্পত্তিৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি কৰা নামনি শুৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক কেন্দ্ৰয়ে অবমাননা কৰিছে বুলি সদৌ অসম ছাত্ৰ সন্থায়ে মত প্ৰকাশ কৰিছিল ।আছুয়ে অভিযোগ উত্থাপন কৰিছিল যে এপেস্ক কোৰ্টে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক দিয়া নিৰ্দেশক আওকাণ কৰি প্ৰকল্পটো ৰূপায়ণত অধিক গুৰুত্ব দিছে।

এই প্ৰতিবাদী কাৰ্যসূচীতে সংগঠনটোয়ে ৰঙানদীৰ গৰাবান্ধৰ আৰু গৰাখহনীয়া ৰোধ আৰু বানপানীৰ বাবে আবন্টিত

ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি লক্ষিমপুৰ জিলা উপায়ুক্ত ডঃ জীৱন বিক তদন্ত কৰাৰ দাবী জনাইছে ।

লগতে বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত স্থায়ী অধক্ষ্য নিযুক্তিৰ দাবী জনোৱাৰ লগতে খালি থকা পদ সমূহত নিযুক্তিৰ দাবী জনাই । লগতে ভূৱা সোন, ভূৱা নোট, ড্ৰাগচ আৰু সুৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । এই দাবী সমূহ উত্থাপন কৰি জিলা উপায়ুক্তৰ হৈ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি