শীৰ্ষ বাতৰি

ষষ্ঠ দফাৰ গোপন প্ৰতিবেদন ৰাজহুৱা কৰিলে ক্ষুব্ধ আছুৱে

Sentinel Digital Desk

কেন্দ্ৰই অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়নৰ উদ্দেশ্যে গঠন কৰা উচ্চ পৰ্যায়ৰ সমিতিখনে প্ৰস্তুত কৰা গোপন প্ৰতিবেদন আজি সদৌ অসম ছাত্ৰ সন্থা(আছু)-ই ৰাজহুৱা কৰে। উচ্চ পৰ্যায়ৰ সমিতিয়ে প্ৰতিবেদন দাখিল কৰা দীৰ্ঘদিন পাৰ হোৱাৰ পাছতো পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ পদক্ষেপ কেন্দ্ৰই গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ আজি আছুৱে এই প্ৰতিবেদন ফাদিল কৰে। গুৱাহাটীত এখন সংবাদমেলত প্ৰতিবেদখনখন ৰাজহুৱা কৰি আছু নেতৃত্বই চৰকাৰৰ আচৰণত ক্ষোভ প্ৰকাশ কৰে। সংবাদমেলত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি কয়, " এইখন সোণোৱালৰ আলমিৰাত আছে নে আন ক'ৰবাত আছে "!

উল্লেখ্য যে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চ পৰ্যায়ৰ সমিতিয়ে প্ৰায় পাঁচশ ব্যক্তি আৰু সংগঠনৰ সৈতে আলোচনা কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰে। পাছত সমিতিখনে প্ৰতিবেদন মুখ্যমন্ত্ৰী সোণোৱালৰ হাতত দাখিল কৰে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদনখন কেন্দ্ৰক প্ৰদান কৰে। অসম চুক্তিৰ ষষ্ঠ দফা অনুসৰি অসমীয়া মানুহৰ সাংবিধানিক আৰু বিধায়িনী অধিকাৰ সুৰক্ষিত হব লাগিব। একেদৰে অসমীয়া ভাষা অসমত  চৰকাৰী ভাষা হৈ থাকিব।