শীৰ্ষ বাতৰি

গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত আছুৰ ধৰ্ণা

Sentinel Digital Desk

গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত আছুৰ ধৰ্ণা

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে দেশত তলাবন্ধ(ল'ক-ডাউন)একপ্ৰকাৰ মুকলি(আনল'ক-১.০) ৰ প্ৰথমদিনাই আজি গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থা(আছু)-ই। গুৱাহাটী মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত সোমবাৰে সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ সংগঠনটোৰ কৰ্মীয়ে মহানগৰীৰ গুৱাহাটী ক্লাব অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি বহু সময়ত মহানগৰবাসীক খোৱাৰ একেবাৰে অনুপযোগী পানী যোগান ধৰি অহা হৈছে ৷ চৰকাৰী সংশ্লিষ্ট বিভাগসমূহ গুৱাহাটীৰ খোৱাপানী সমস্যা নিৰাময়ত ব্যৰ্থ হৈছে বুলিও প্ৰতিবাদকাৰীসকলে লগতে অভিযোগ কৰে ৷ শীঘ্ৰে চৰকাৰে এই সমস্যা সমাধানৰ ব্যৱস্থা নকৰিলে অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিয়ে আছুৱে ৷ উল্লেখ্য যে আন একাংশ সংগঠনৰ দৰে আছুৱেও নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ কিন্তু দেশত ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাব ঘটাত ইয়াৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে তলাবন্ধ ঘোষিত হোৱাত এই আন্দোলনৰ কাৰ্যসূচীৰ আকস্মিকভাবে যৱনিকা পৰে ৷