শীৰ্ষ বাতৰি

অন্ধকাৰছন্ন পৰিবেশত ট্রাকে ভাঙিলে কলিয়া ভোমোৰা সেতুৰ ৰেইলিঙ

Sentinel Digital Desk

পুনৰ এবাৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ কলিয়া ভোমোৰা সেতুৰ ওপৰত। যোৱা বৃহস্পতি বাৰে নিশাৰ ভাগত দলং খনিৰ ৰেইলিং ভাঙি দলঙৰ ওপৰতে বাগৰি পৰে এখন ট্ৰাক।

যোৱা ২২ নৱেম্বৰ তাৰিখে সেতু কহিনুৰ উপৰত সংঘটিত হোৱা দুৰ্ঘটনাটতকৈ বহু পৰিমাণে কম ক্ষতি হয় যোৱা ৰাতি সংঘটিত হোৱা দূৰ্ঘটনাত। উল্লেখযোগ্য ভাৱে ২২ নৱেম্বৰ তাৰিখে চালক আৰু হেণ্ডিমেন সহ দলঙৰ ৰেইলিং ভাগি মহাবাহুৰ বুকুত জাহ যায় এখনি মালবাহী ট্ৰাক।

জানিবলৈ পোৱা মতে এই দূৰ্ঘটনা সংঘটিত হয় যোৱাকালি, বৃহস্পতিবাৰে নিশা ১-২ বজাৰ ভিতৰত।

প্ৰাৰম্ভিক তথ্য অনুসৰি, দূৰ্ঘটনাপটিত হোৱা বাহন খনৰ সহায়ক দিলীপ তাছা নামৰ ব্যক্তি গৰাকী সন্ধানহীন হৈ আছিল। ট্ৰাক খনে ৰেইলিংত খুন্দা মৰাৰ পাছতেই কোনো ধৰণে এই ব্যক্তি গৰাকী নদীত পৰা বুলিও সন্দেহ প্ৰকাশ কৰা গৈছে।

অন্য এক তথ্যই দাবী কৰিছে যে, বাহন খনৰ ষ্টেৰিং হুইলত জাম লাগি ধৰাৰ বাবে সংঘটিত হ'ল এই দুৰ্ঘটনা। যাৰ ফলস্বৰুপে বাহন খনে আন এখন মালবাহী ট্ৰাকক খুন্দা মাৰি, দলঙৰ ৰেইলিঙত খুন্দা মাৰে।

যোৱা ২২ নৱেম্বৰ তাৰিখে কলিয়া ভোমোৰাত সংঘটিত হোৱা অন্য এক দূৰ্ঘটনাত, দলঙৰ কাষৰ লোহাৰ ৰেইলিঙত ভাঙি পানীত জাহ গৈছিল এখনি মালবাহী ট্ৰাক।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় যোৱা দেওবাৰে ৰাতিৰ ভাগত। সোমবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে প্ৰত্যক্ষ কৰে কলীয়া ভোমোৰা সেতুৰ ওপৰৰ ভঙা ৰেইলিং আৰু তাৰ পাছতেই আৰম্ভ কৰা হয় উদ্ধাৰ অভিযান।

খবৰটো পোৱাৰ পাছতেই আহি উপস্থিত হয় জেষ্ঠ আৰক্ষী বিষয়া শক আৰু এন ডি আৰ এফ বাহিনীৰ সহায়ত আৰম্ভ কৰা হয় উদ্ধাৰ অভিযান।