শীৰ্ষ বাতৰি

ক'ৰ'নাত আক্ৰান্ত হ'ল অভিনেতা কিৰণ কুমাৰ

Sentinel Digital Desk

ক'ৰ'নাত আক্ৰান্ত হ'ল অভিনেতা কিৰণ কুমাৰ

দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক'ৰ'না মহামাৰীয়ে ।‌ দেশৰ প্ৰায় ১,৪৫০০০ লোক আক্ৰান্ত হৈছে এই মহামাৰীত ।

অভিনেতা কিৰণ কুমাৰৰ দেহতো পোৱা গ'ল ক'ৰ'না ভাইৰাছৰ অৱস্থিতি।‌ অভিনেত্ৰী কাশ্মীৰা শ্বাহে আশা কৰে যে তেওঁ শীঘ্ৰেই সুস্থ হৈ উঠিব । তথ্য অনুসৰি এই মাহৰ প্ৰথমতে অভিনেতাগৰাকীৰ নমুনা পৰীক্ষা কৰা হৈছিল , আৰু তাৰ পিছতেই তেঁওৰ দেহত ধৰা পৰে ক'ৰ'নাৰ অৱস্থিতি।‌ সম্প্ৰতি অভিনেতাগৰাকী‌ হোম কোৱাৰেন্টিনত আছে ।

অভিনেত্ৰী কাশ্মীৰাই অভিনেতাগৰাকীৰ লগত এখন ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰে আৰু শীঘ্ৰেই সুস্থ হোৱাৰ প্ৰাৰ্থনা কৰে।‌ অভিনেত্ৰী গৰাকীয়ে লিখে, '' ছাৰ , সোনকালেই সুস্থ হৈ উঠক৷ মই কাম কৰা অন্যতম ব্যক্তি সকলৰ ভিতৰত এজন। মই অতি গৰ্বিত যে আপুনি মোৰ প্ৰথমখন ছবিত কাম কৰিছে। আকৌ আপোনাৰ লগত কাম কৰিব বিছাৰো "। কাশ্মীৰাই পোষ্ট কৰা ফটো খনত দেখিবলৈ পোৱা গৈছে যে য'ত তেওঁলোকে বহি আছে আৰু হাঁহি থকা দেখিবলৈ পোৱা যায়। তেওঁলোকে একেলগে কাম কৰা ছবি খন হ'ল ''মৰনে ভী দো য়াৰো" ।

উল্লেখযোগ্য যে দিনক দিনে দেশত তীব্ৰ গতিত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা।‌ এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰই জাৰি কৰিছে লকডাউন। বৰ্তমান দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন‌ বলবৎ হৈ আছে।‌

এই মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে দেশৰ জনতা, ক্ষতিগ্ৰস্ত হৈছে দেশৰ অৰ্থনীতি ।

কিছুদিন পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয় এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ জনতাৰ বাবে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ ঘোষণা কৰে ।

প্ৰধান মন্ত্ৰী মোদীয়ে এই সময়ছোৱাত জনতাক আত্মনিৰ্ভৰ হোৱাৰ আহ্বনা জনায় লগতে থলুৱা সামগ্ৰীৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।