শীৰ্ষ বাতৰি

কন্যাসহ ক'ৰ'নাত আক্ৰান্ত হ'ল অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী

Sentinel Digital Desk

বিপুল জনপ্ৰিয় ছবি 'হিয়া দিয়া নিয়া'-ৰ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী আক্ৰান্ত হৈছে ক'ৰ'না মহামাৰীত। প্ৰাপ্ত তথ্য অনুসৰি জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ কন্যাৰ শৰীৰতো ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। সম্প্ৰতি অভিনেত্ৰীগৰাকী আৰু তেওঁৰ কন্যা যোৰহাটত আছে। গীতাৱলী আৰু তেওঁৰ কন্যাৰ শৰীৰত ৰেপিড এণ্টিজেন পৰীক্ষাত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীৰ ভগ্নী শুভালক্ষ্মীৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। তদুপৰি যোৰহাটৰ প্ৰাক্তন পৌৰ সদস্য প্ৰশান্ত বৰা আৰু ৰাজহ বিভাগৰ কৰ্মচাৰী অভিলাস দত্তৰ শৰীৰত ক'ৰ'না ভাইৰাছ দৰা পৰে।

আনহাতে, আজি জিলা প্ৰশাসনে তলাবন্ধ কৱলিত যোৰহাটত কেতবোৰ শিথিলতা ঘোষণা কৰে।