শীৰ্ষ বাতৰি

অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণাৰ ভাৰত-বাংলাদেশৰ সীমান্ত ভ্ৰমণ

Sentinel Digital Desk

ভাৰত-বাংলাদেশ সীমান্ত কৰিমগঞ্জৰ উন্মুক্ত হৈ থকা ৪.৩৫ কিলোমিটাৰত ফেঞ্চিং দিয়া হব । বুধবাৰে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিভ্ৰমণ কৰি গৃহ আৰু ৰাজনীতি বিভাগৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণায়ে এই কথা প্ৰকাশ কৰে । কৰিমগঞ্জৰ সতাৰকান্দীস্থিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰত অনুষ্ঠিত এক বৈঠকত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণায়ে সীমান্তত থকা লোকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয় আৰু সীমান্তত উন্নয়ন মুলক কামৰ কথাও প্ৰকাশ কৰে।সীমান্ত পৰিভ্ৰমণ কৰাৰ পিছত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণায়ে সীমান্ত সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়া আৰু জিলা প্ৰশাসনৰ লোক সকলৰ সৈতে বৈঠকত মিলিত হয় । সীমান্তৰ লোকসকলৰ সমস্যাসমূহৰ ক্ষেত্ৰত চৰকাৰ সজাগ বুলি প্ৰকাশ কৰে । সীমান্তৰ লোকসকলৰ গৃহ নিৰ্মাণৰ বাবে সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া সকলে প্ৰশাসনক অনুৰোধ কৰে । এই বৈঠকতে সীমান্ত সুৰক্ষা বাহিনীয়ে পাৱাৰ পইন্ট প্ৰেজেন্টেচন তৈয়াৰ কৰে আৰু জিলা প্ৰশাসনক জনাই যে কৰিমগঞ্জ জিলাৰ সীমান্তৰ নদী সমুহৰ গৰাখহনীয়া ৰোধৰ বাবে আচনি ৰূপায়ণ কৰিব লাগে। এই বৈঠকতে হাতী মানুহৰ সংঘাতৰ কথাও আলোচনা কৰা হয় । ভাৰত- বাংলাদেশৰ মাজত কৰিমগঞ্জ জিলাৰ চম্পাবাৰীত হাতী যাবৰ বাবে কৰিডৰ নিৰ্মাণ কৰি থকা হৈছে । এই কৰিডৰত " হাই- মাষ্ট লাইট " ব্যবহাৰ কৰা হৈছে ।

প্ৰথমতে , জিলা উপায়ুক্ত এম, এচ মানিবান্নান আৰু সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়াৰ লগত অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণয়ে কৰিমগঞ্জ জিলাৰ চুটাৰকান্দিৰ জিৰো পইন্ট পৰিভ্ৰমণ কৰে । লাটিটিলাৰ ৩ কিলোমিটাৰ স্মাৰ্ট ফেঞ্চিংৰ কাম ইতিমধ্যে সম্পুৰ্ণ হৈছে । সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰকাশ কৰে যে লোকসকলক জিলা খনৰ চেৰাকুৰিলৈ বদলি কৰিব লাগে । সীমান্তৰ ফেঞ্চিং অঞ্চলৰ পৰা লোকসকলৰ স্থানান্তৰ কৰিব লাগে । লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে "হাই পাৱাৰ লাইন " ৰ কামৰ বাবে এপিডিচিএলক কয়।

লগতে অনুপ্ৰবেশ আৰু সৰবৰাহ আদি বন্ধৰ ক্ষেত্ৰতো মুখ্য সচিব গৰাকীয়ে প্ৰকাশ কৰে। যোৱা তিনি মাহত সীমান্ত সুৰক্ষা বাহিনীয়ে ২৫ টা গৰু জব্দ কৰিবলৈ সক্ষম হৈছে । সীমান্তৰ বিশেষ ডি আই জি ভাস্কৰ জ্যোতি মহন্তয়ে সীমান্ত সুৰক্ষাৰ বাহিনীক নিৰ্দেশনা মতে অবৈধ সামগ্ৰীও জব্দ কৰিবলৈ নিৰ্দেশ দিছে ।ভাৰত-বাংলাদেশ সীমান্তৰ কাটাবেৰৰ কাম ২০১৬ৰ পৰা বন্ধ হৈ আছে।৩.৩৫ কিঃমিঃ বেছি ঠাই এতিয়াও মুক্ত হৈ আছে।