শীৰ্ষ বাতৰি

ক'ৰ'না পজিটিভ হ'ল কামৰূপ(মহানগৰ)ৰ অতিৰিক্ত উপায়ুক্ত

এই কথা নিশ্চিত হোৱাৰ লগে লগে তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

Sentinel Digital Desk

ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পোৱাৰ সময়তে কামৰূপ(মহানগৰ) জিলাৰ এজন অতিৰিক্ত উপায়ুক্তৰ শৰীৰত ধৰা পৰিছে এই অতি সংক্ৰামক ভাইৰাছৰ উপস্থিতি। প্ৰাপ্ত তথ্য অনুসৰি কামৰূপ(মহানগৰ)জিলাৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথৰ শৰীৰত ক'ৰ'না ভাইৰাছ ধৰা পৰিছে। এই কথা নিশ্চিত হোৱাৰ লগে লগে তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তেওঁ কিছুদিন ধৰি জ্বৰ-কাহত ভুগি আছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁৰ নমুনা পৰীক্ষা কৰা হয়। এই নমুনা পৰীক্ষাৰ প্ৰতিবেদনত শীৰ্ষ প্ৰশাসনিক বিষয়াজন ক'ৰ'নাত আক্ৰান্ত হোৱাটো নিশ্চিত হয়। উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰেণ্টিন কেন্দ্ৰ পৰিদৰ্শন কৰাৰ সময়ত অতিৰিক্ত উপায়ুক্ত নাথো আছিল।