শীৰ্ষ বাতৰি

২৯ বছৰৰ পিছত অসমৰ পৰা প্ৰত্যাহাৰ হব পাৰে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)

Sentinel Digital Desk

সুদীৰ্ঘ ২৯ বছৰৰ পিছত অসমৰ পৰা প্ৰত্যাহাৰ হব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন অৰ্থাৎ AFSPA । আগষ্ট মাহৰ পৰা এই আইনখন প্ৰত্যাহাৰৰ সম্ভাৱনা আছে। ইতিমধ্যে কেন্দ্ৰয়ে ৰাজ্যলৈ জাননী প্ৰেৰণ কৰিছে ।

১৯৯০ চনৰ ২৭ নবেম্বৰত সশস্ত্ৰ সংগঠন আলফাৰ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিততে অসমক অশান্ত ৰাজ্য হিচাপে ঘোষণা কৰি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন খন অৰ্থাৎ AFSPA বলৱৎ কৰিছিল ।

কিছুমান জিলাত পৰিস্থিতি উন্নত হোৱাত এই আইন খন প্ৰত্যাহাৰ কৰা হৈছিল । সেনাৰ স্থানত আৰক্ষী আৰু পেৰামিলিটৰি বাহিনীক মোতায়েন কৰা হৈছিল ।

সুদীৰ্ঘ ২৯ বছৰৰ পিছত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন খন প্ৰত্যাহাৰৰ পৰিকল্পনাৰ কৰিছে কেন্দ্ৰয়ে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি