শীৰ্ষ বাতৰি

নতুন কৃষি বিধেয়কে কৃষকক উৎপাদিত সামগ্ৰী বিক্ৰীত সহায় কৰিবঃ মোদী

Sentinel Digital Desk

নতুন কৃষি বিধেয়ক তিনিখনক লৈ দেশজোৰা প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বিধেয়ক তিনিখনে কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীত সহায় কৰিব ৷ উল্লেখ্য যে সংসদত এই বিধেয়ক তিনিখন গৃহীত হৈছে ৷ ৰাষ্ট্ৰপতি ৰামনাথ ক'ৱিন্দে বিধেয়ককেইখনত স্বাক্ষৰ কৰাৰ লগে লগে বিধেয়ককেইখন আইনত পৰিণত হ'ব ৷

আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত কৃষকসকলৰ বৰঙণিক প্ৰশংসা কৰি দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিদৰে ২০১৪ত ফলমূল আৰু শাক-পাচলিক কৃষি উৎপাদিত সামগ্ৰী বিপনন আইনৰ গণ্ডীৰ পৰা বাহিৰলৈ অনাৰ পাছত সংশ্লিষ্টসকল উপকৃত হৈছে , তেনেদৰে এই বিধেয়ককেইখনৰ জৰিয়তে কৃষকসকল উপকৃত হ'ব। মোদীয়ে লগতে কয় যে কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী যিকোনো স্থানলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হ'ব আৰু ভাল মূল্য লাভ কৰিব ৷

৬৯সংখ্যক মন কী বাত অনুষ্ঠানত কৃষি বিধেয়ককেইখন সম্পৰ্কত এনে দিশসমূহ আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে কঠোৰ আইনৰ বাবে পূৰ্বে কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হোৱা নাছিল ৷ এতিয়াৰে পৰা এনে কোনো হেঙাৰ নাথাকিব বুলি তেওঁ উল্লেখ কৰে৷মোদীয়ে কয় যে কৃষি সামগ্ৰী বিপনন সমিতিৰ বাহিৰতো কৃষকসকলে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হ'ব ৷