শীৰ্ষ বাতৰি

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা

Sentinel Digital Desk

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা

ক'ৰ'না আতংকৰ মাজতে আত্মহননৰ পথ বাচি ল'লে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকে ৷ আৰক্ষীয়ে জনোৱা মতে, বিশ্ববিদ্যালয়খনৰ কৃষি অৰ্থনীতি(এগ্ৰ'নমী)বিভাগৰ অধ্যাপক শৰ্মাই চিপজৰী লৈ আত্মহত্যা কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ আত্মহত্যাৰ টোকা (ছুইচাইড নোট)উদ্ধাৰ কৰিছে ৷ ঘটনা সম্পৰ্কত লিচুবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যুৎ দত্তই দ্য ছেণ্টিনেল ডিজিটেলক কয়, " ঘটনা সম্পৰ্কে আমি আজি পুৱা ৮-৩০বজাত খবৰ পাওঁ। সেই অনুসৰি আমি দণ্ডাধীশসহ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰোঁ ৷ ঘটনাৰ প্ৰাৰম্ভিক তদন্তত ঘটনাটো আত্মহনন বুলি প্ৰতিপন্ন হৈছে ৷" ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷