শীৰ্ষ বাতৰি

চৰ্চিত ৰাজনৈতিক নেতা-সাংসদ অমৰ সিঙৰ বিয়োগ

Sentinel Digital Desk

দেশৰ ৰাজনীতিৰ অন্যতম চৰিত্ৰ অমৰ সিং আৰু নাই। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যসভাৰ সাংসদ সিঙৰ আজি ছিংগাপুৰৰ এখন হাস্পতালত মৃত্যু হয়। দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈ আছিল। সেই সূত্ৰে তেওঁ এই হাস্পতালত চিকিত্সাধীন হৈছিল। মৃত্যৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৪ বছৰ।

শেষ নিশ্বাস ত্যাগৰ প্ৰাক- সিঙে স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকলৈ আজি মৃত্যুদিৱসত শ্ৰদ্ধাঞ্জলী জনাই এটা টুইটো কৰে। আজি দিনৰ ২-০৯বজাত তেওঁ এই টুইটটো কৰে। ইয়াৰ কিছু সময়ৰ পাছতে তেওঁ চিৰদিনলৈ দুচকু মুদে। মৃত্যুৰ সময়ত সিঙে পত্নী পংকজা আৰু এহাল যমজ কন্যাক ইহ-সংসাৰত এৰি থৈ যায়।