শীৰ্ষ বাতৰি

আজি অমিত শ্বাহে কেন্দ্ৰীয় গৃহ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে

Sentinel Digital Desk

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে । বৃহস্পতি বাৰে শপত গ্ৰহণ কৰাৰ দুদিনৰ পাছত আজি দায়িত্ব গ্ৰহণ কৰে ।

গৃহ মন্ত্ৰালয়ৰ নৰ্থ ব্লকৰ কাৰ্যালয়টো অমিত শ্বাহক দিয়া হয়। দায়িত্বভাৰ গ্ৰহণ কৰিয়ে অমিত শ্বাহে বিভাগটোৰ বিষয়া সকলৰ লগত বৈঠকত মিলিত হয় ।বৈঠকতে বিভাগটোৰ বিষয় সমুহ আলোচনা কৰা হয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী সভাৰ দুজনকৈ মন্ত্ৰী জি কে ৰেড্ডী আৰু নিত্যানন্দা ৰায়েও আজি দায়িত্ব ভাৰ গ্ৰহণ কৰে ।

লোকসভা নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰাৰ পাছত নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বৃহস্পতি বাৰে । নৰেন্দ্ৰ মোদীৰ লগতে মোদীৰ মন্ত্ৰী সভায়েও শপত গ্ৰহণ কৰে বৃহস্পতি বাৰে ।

ৰাষ্ট্ৰপতি ভবনত অনুষ্ঠিত বৰ্ণাঢ্য অনুষ্ঠানত মোদীয়ে শপত গ্ৰহণ কৰে। ৮,০০০ অতিথিৰ উপস্থিতিত মোদীৰ লগতে মোদীৰ কেবিনেটে শপত গ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰী সভাত ৬ গৰাকী মহিলাই মন্ত্ৰীৰ স্থান লাভ কৰিছে । প্ৰথম বাৰৰ বাবে পূৰ্ণ পৰ্যায়ৰ বিত্ত মন্ত্ৰী হিচাপে প্ৰথম গৰাকী মহিলাক দায়িত্ব দিয়া হয় । প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনক এইবাৰ বিত্ত বিভাগৰ দায়িত্ব দিয়া হৈছে ।নিৰ্মলা সীতাৰমনে শুকুৰবাৰে দায়িত্ব ভাৰ গ্ৰহণ কৰে।

৬ গৰাকী কেবিনেট মন্ত্ৰী ভিতৰত নিৰ্মলা সীতাৰমনক বিত্ত বিভাগৰ দায়িত্ব দিয়াৰ লগতে স্মৃতি ইৰানীক মহিলা আৰু শিশু উন্নয়ন বিভাগৰ লগতে টেক্সটাইল বিভাগৰ দায়িত্ব দিয়া হৈছে । হৰ্শমিতা কৌৰ বাদল, সাদ্ভি নিৰঞ্জন জ্যোতি, দেবাশ্ৰী চৌধৰী , ৰেনুকা সিঙ সৰুতাক মন্ত্ৰীত্ব দিয়া হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি