শীৰ্ষ বাতৰি

গুৱাহাটীত ক'ৰ'নাত আক্ৰান্ত হ'ল আৰু এজন আৰক্ষী বিষয়া

আৰক্ষী বিষয়াগৰাকী এই মহামাৰীত আক্ৰান্ত হোৱাৰ পিছতে থানাৰ আন আন কৰ্মচাৰী সকলৰ মাজত আতংকৰ সৃষ্টি হৈছে

Sentinel Digital Desk

গুৱাহাটীত বৃদ্ধি পাই আছে ক'ৰ'নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্ত হৈছে জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতা। আৰক্ষী বিষয়াজনৰ পৰা যোৱা ১ জুলাই তাৰিখে পাণ্ডুৰ এখন বিদ্যালয়ত নমুনা সংগ্ৰহ কৰা হৈছিল। শণিবাৰে নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায়। এই প্ৰতিবেদনত আৰক্ষী বিষয়াজনৰ শৰীৰত কৰোণাৰ অৱস্থিতি ধৰা পৰে।

কলিতা জালুকবাৰী আৰক্ষী থানাৰ বহুজনৰ সংস্পৰ্শলৈ আহিছিল । এতিয়া আৰক্ষী বিষয়াগৰাকী এই মহামাৰীত আক্ৰান্ত হোৱাৰ পিছতে থানাৰ আন আন কৰ্মচাৰী সকলৰ মাজত আতংকৰ সৃষ্টি হৈছে।