শীৰ্ষ বাতৰি

গুৱাহাটীত আৰু এক তলাবন্ধৰ সম্ভাৱনা ব্যক্ত কৰিলে স্বাস্থ্য মন্ত্ৰীয়ে

Sentinel Digital Desk

গুৱাহাটীত আৰু এক তলাবন্ধ বা লক-ডাউনৰ সম্ভৱনা আছে। এনে এক সম্ভাৱনা ব্যক্ত কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ক'ৰ'না ভাইৰাছজনিত মহামাৰীজনিত পৰিস্থিতিৰ অৱনতি ঘটি থাকিলে গুৱাহাটীত আৰু এক তলাবন্ধ বা ল'ক-ডাউন অৱ্শ্যম্ভাৱী হৈ পৰিব। এই সংক্ৰান্তত অহা বুধবাৰ বা বৃহস্পতিবাৰে চৰকাৰে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা মন্ত্ৰীজনে ব্যক্ত কৰে। উল্লেখ্য যে যোৱা ১০দিনত কামৰূপ(মহানগৰ)জিলাত ২,৭৪১জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। ৰেপিড এণ্টিজেন টেষ্ট কৰাত কালি দেওবাৰে ১২৫জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। ফলত পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে।আনহাতে, সমগ্ৰ ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১১হেজাৰৰো অধিক হৈছে।