শীৰ্ষ বাতৰি

প্ৰাথমিক-উচ্চ প্ৰাথমিকৰ শিক্ষকৰ মাজত নিযুক্তি পত্ৰ বিতৰণ

Sentinel Digital Desk

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ শিক্ষকৰ মাজত নিয়মীয়া নিযুক্তি পত্ৰ বিতৰণ কৰে ৷ এই উপলক্ষে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত টে'ট উত্তীৰ্ণৰ মাজত এই নিযুক্তি পত্ৰসমূহ বিতৰণ কৰা হয় ৷ অনুষ্ঠানত দিয়া ভাষণত শিক্ষা মন্ত্ৰী শৰ্মাই কয় যে মুখ্যমন্ত্ৰী সোণোৱালে চলিত বৰ্ষত ৫০হেজাৰ শিক্ষক নিযুক্তি দিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিছে ৷

সেই অনুসৰি শিক্ষা বিভাগে শিক্ষক নিযুক্তি পৰ্ব আৰম্ভ কৰিছে ৷ আগন্তক ছেপ্টেম্বৰত ১০হেজাৰ শিক্ষক নিযুক্তি দিয়া হ'ব বুলি মন্ত্ৰী শৰ্মাই ঘোষণা কৰে ৷ তেওঁ আৰু কয় যে অহা বছৰৰ ফেব্ৰুৱাৰীৰ ভিতৰত শিক্ষা বিভাগে ৫০হেজাৰ শিক্ষক নিযুক্তি দিয়াৰ লক্ষ্য ধাৰ্য কৰিছে ৷ আনহাতে, অনুষ্ঠানত ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে নৱনিযুক্ত শিক্ষকসকলক ধন্যবাদ জনায়। উল্লেখ্য যে প্ৰথম পৰ্যায়ত ৰাজ্যত ৫ হেজাৰ শিক্ষক নিযুক্তি দিয়া হ'ব ৷