শীৰ্ষ বাতৰি

ক'ৱিড-আক্ৰান্ত চিনাক্তঃ গুৱাহাটীৰ পাণ্ডুৰ এটা অঞ্চলক কণ্টেইনমেণ্ট জ'ন ঘোষণা

পাণ্ডুৰ ৰেলৱে নিউ ক’ল’নীত ক’ৱিড-১৯আক্ৰান্ত চিনাক্ত কৰাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোক প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে ৷

Sentinel Digital Desk

ক'ৱিড-আক্ৰান্ত চিনাক্তঃ গুৱাহাটীৰ পাণ্ডুৰ এটা অঞ্চলক কণ্টেইনমেণ্ট জ'ন ঘোষণা

গুৱাহাটীৰ পাণ্ডুৰ এটা অঞ্চলক প্ৰশাসনে ক'ৰ'না কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰিছে ৷ পাণ্ডুৰ ৰেলৱে নিউ ক'ল'নীত ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত কৰা হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোক প্ৰশাসনে কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰিছে ৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি এই কণ্টেইনমেণ্ট জ'নৰ চাৰিসীমা নিম্নোক্ত ধৰণৰ হ'বঃ

১)ৰেলৱে কলনীৰ পৰা উত্তৰলৈ,

২) নিউ কলনী পথৰ পৰা দক্ষিণলৈ,

৩) জয় হিন্দ ক্লাব চাৰিআলিৰ পৰা পূবলৈ আৰু

৪) ৰেলৱে কলনী পথৰ পৰা পশ্চিমলৈ ৷এই কণ্টেইনমেণ্ট জ'নত অকৰ্তৃত্বশীল কোনো লোক আৰু যান-বাহনে প্ৰৱেশ কৰিব নোৱাৰিব বুলি জিলা প্ৰশাসনে জাননী জাৰি কৰিছে ৷ এই নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে ২০০৫ৰ দুৰ্যোগ ব্যৱস্থাপনা আইন আৰু ১৮৯৭ৰ মহামাৰী ৰোগ আইনকে ধৰি আনুসংগিক আইনৰ ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনে সকলোকে সতৰ্ক কৰি দিছে ৷