শীৰ্ষ বাতৰি

নিজামুদ্দিন দৰগাহ কাণ্ডঃ ১২৮জন আক্ৰান্ত হ’ল ক’ৰ’না মহামাৰীত

Sentinel Digital Desk

নিজামুদ্দিন দৰগাহ কাণ্ডঃ ১২৮জন আক্ৰান্ত হ’ল ক’ৰ’না মহামাৰীত

যোৱা মাহত দক্ষিণ দিল্লীৰ নিজামুদ্দিন দৰগাহত অনুষ্ঠিত জামাতত অংশ লোৱা সহস্ৰাধিক লোকৰ মাজৰ ১২৮জন ক’ৰ’না মহামাৰীত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে। ক’ৰ’না মহামাৰীত আক্ৰান্ত এইসকল লোকৰ মাজত অসমৰ কৰিমগঞ্জৰ লোকজনো আছে বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য যে যোৱা আঠ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত এই জামাতত দেশ-বিদেশৰ বিভিন্ন স্থানৰ লগতে অসমৰো চাৰি শতাধিক অংশ লৈছিল। এই চাৰি শতাধিক লোক সম্প্ৰতি ক’ত আছে, তাৰ কোনো নিশ্চিত তথ্য অসম চৰকাৰে প্ৰকাশ কৰিবলৈ সক্ষম হোৱা নাই। অভিযোগ ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ সকলো চৰকাৰী নিৰ্দেশনা উলংঘা কৰি সহস্ৰাধিক লোক নিজামুদ্দিন দৰগাহত সমবেত হৈছিল। এইসকলৰ মাজত ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ লোকো আছিল। পাছত ঘৰলৈ ঘূৰি যোৱা একাধিক ৰাজ্যৰ কমেও সাতজন লোকে ক’ৰ’না মহামাৰীত আক্ৰান্ত প্ৰাণ হেৰুৱায়।আনহাতে, অসম চৰকাৰে এই জামাতত অংশ লোকসকলক গৃহ আছুতীয়াকৰণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। মঙলবাৰে মুখ্যমন্ত্ৰী সোণোৱাল

ক’ৰ'না প্ৰতিৰোধ ব্যৱস্থাৰ বুজ ল’বলৈ কোকৰাঝাৰত উপস্থিত হয়৷ কোকৰাঝাৰৰ ছাই কমপ্লেক্সত হেলিকপ্টাৰেৰে অবতৰণ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে পোনে পোনে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ্ বিষয়াবৰ্গৰ সৈতে মিলিত হৈ ক’ৰ'না প্ৰতিৰোধ প্ৰস্তুতিৰ বুজ লয় । ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰ আবৰ্ত ভৱনত উপস্থিত হৈ জিলা প্ৰশাসনৰ উচ্চপদস্থ্ বিষয়াবৰ্গৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে । ইপিনে, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ক’ৰ’না মহামাৰীত আক্ৰান্ত হোৱা কৰিমগঞ্জৰ ব্যক্তিজন শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ ৫২বছৰীয়া এই ব্যক্তিজনৰ অৱস্থা স্থিৰ আছে বুলি মন্ত্ৰীজনে সদৰী কৰে ৷ আনহাতে, এক সূত্ৰ অনুসৰি এই ব্যক্তিজনে গুৱাহাটীৰ আঠগাঁৱৰ আত্মীয়ৰ ঘৰত কিছুদিন আছিল। ইয়াকে লৈ সমগ্ৰ অসমত আতংক বিৰাজ কৰি আছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables