শীৰ্ষ বাতৰি

সুস্থ হ'লঃ ৰাজ্যত আৰু ১১৭ গৰাকী ক'ৰ'না ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি

Sentinel Digital Desk

ৰাজ্যত ক'ৰ'না আক্ৰান্ত বৃদ্ধি পোৱাৰ সমান্তৰালভাবে এই মহামাৰীৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। আজি সোমবাৰে আৰু ১১৭গৰাকী ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ৷ এইসকল ক'ৰ'না ৰোগী আৰোগ্য হৈছে ৷ এই ১১৭গৰাকী ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ লগে লগে অসমত ক'ৰ'না ৰোগীৰ আৰোগ্যৰ হাৰ ৬৩.৩ শতাংশ হয় ৷ এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা ৰোগীৰ সংখ্যা ২, ০৫৩জনলৈ হ্ৰাস পাইছে ৷ ইয়াৰ বিপৰীতে সম্প্ৰতি ৰাজ্যত ৩, ৫২১জন ৰোগী সুস্থ হৈছে ৷ আনহাতে, এই পৰ্যন্ত ৰাজ্যত ৯ জন ক'ৰ'না ৰোগী মৃত্যুমুখত পৰিছে ৷ আজি ৰাজ্যত ১১৭ ক'ৰ'না ৰোগীক সুস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ কথা সদৰী কৰি এটা টুইটত স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয়, " জানিব পাৰি সুখী হৈছো যে অসমৰ বিভিন্ন জিলা চিকিৎসালয়, আদৰ্শ চিকিৎসালয় আদিৰ পৰা আজি আৰু ১১৭গৰাকী ক'ৰ'না ৰোগীক যাবলৈ দিয়া হৈছে ৷ শেহতীয়া পৰীক্ষাত এইসকল ক'ৰ'না নিগেটিভ হ'ল ৷"