শীৰ্ষ বাতৰি

অসমত আৰু এজন ক'ৰ'না আক্ৰান্তৰ মৃত্যুঃ মৃতকৰ সংখ্যা ৭জনলৈ বৃদ্ধি

Sentinel Digital Desk

অসমত আৰু এজন ক'ৰ'না আক্ৰান্তৰ মৃত্যুঃ মৃতকৰ সংখ্যা ৭জনলৈ বৃদ্ধি

অসমত আৰু এগৰাকী ক'ৰ'না আক্ৰান্তৰ মৃত্যুমুখত পৰিছে। শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন অৱস্থাত এই ক'ৰ'না আক্ৰান্তগৰাকীৰ মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৫৩ বছৰ। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মহিলাগৰাকীয়ে আত্মীয়ৰ চিকিত্সাৰ বাবে দিল্লীলৈ গৈছিল। তাৰ পৰা উভতি অহাৰ পাছত তেওঁ শিলচৰ মেডিকেল কলেজত ভৰ্তি হয়। তাত চিকিত্সাধীন অৱস্থাতে আজি তেওঁৰ মৃত্যু হয়। মহিলাগাৰকীৰ ঘৰ হাইলাকান্দিৰ আলগাপুৰৰ প্ৰথম খণ্ড বৰিহাৱাৰ।   লগে লগে ৰাজ্যত ক'ৰ'না মহামাৰীত মৃত্যু হোৱা লোকৰ সংখ্যা ৭জনলৈ বৃদ্ধি পাইছে।