শীৰ্ষ বাতৰি

ক'ৰ'নাঃ ৰাজ্যত আৰু এজনৰ মৃত্যু

Sentinel Digital Desk

ক'ৰ'না মহামাৰীত ৰাজ্যত আৰু এজন ব্যক্তিৰ মৃত্যু হৈছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন অৱস্থাত আজি নগাঁৱৰ এজন ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ মৃত্যু হয়। মৃত ব্যক্তিজনৰ নাম ৰঞ্জিত বৈদ্য (৬৫)। উল্লেখ্য যে ৰাজ্যত ক'ৰ'না মৃত্যুৰ সংখ্যা ৭৭ হৈছে। ইয়াৰ পূৰ্বে কালি ৬ জন ব্যক্তিৰ মৃত্যু হয়।