শীৰ্ষ বাতৰি

ৰাজ্যিক কেবিনেটৰ নতুন চলচ্চিত্ৰ আৰু ঔদ্যোগিক নীতিক অনুমোদন

Sentinel Digital Desk

ৰাজ্যিক কেবিনেটৰ বৈঠকত এক গুৰুত্ব পূৰ্ণ সিদ্ধান্ত ৷কেবিনেটে নতুন চলচিত্ৰ নীতিত অনুমোদন জনায়। লগতে আছাম ষ্টেট ইণ্ডাষ্ট্ৰিয়েল প’লিছী ২০১৯ কো অনুমোদন জনায়। ইয়াৰ অধীনত বছৰেকত সৰ্বোচ্চ ৫০ লাখলৈকে ৫ বছৰৰ বাবে উদ্যোগসমূহে প্ৰতি ইউনিটত ২ টকাকৈ ৰাজসাহাৰ্য্য লাভ কৰিব ৷ ভূমি ক্ৰয়ৰ বাবে ২৫ লাখকৈ ১০০ শতাংশ ষ্টেম্প ডিউটীৰ ৰেহাই পাব উদ্যোগে ৷১০ লাখ টকাকৈ প্ৰযুক্তিগত হস্তান্তৰ হ’লে ৭৫ শতাংশ ৰাজসাহাৰ্য্য পাব উদ্যোগে ।

৫ লাখ টকাৰ মূলধনৰ ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগে ৩০ শতাংশ ৰাজসাহাৰ্য্য লাভ কৰিব ৷ইফালে নতুন চলচ্চিত্ৰ নীতি অনুসৰি ১ কোটি নিৰ্মাণৰ ব্যয়ৰ চলচ্চিত্ৰই ২৫ লাখ টকাৰ ৰাজসাহাৰ্য্য লাভ কৰিব । ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা চলচ্চিত্ৰই ১ কোটি আৰু অস্কাৰৰ বাবে মনোনীত হোৱা চলচ্চিত্ৰই ২ কোটি টকা লাভ কৰিব। লগতে শিল্পী তথা কলা কুশলীসকলৰ কল্যানৰ বাবে এটা কৰপাছ ফাণ্ড প্ৰতিটো টিকটৰ পৰা ১ টকাকৈ সংগ্ৰহেৰে গঠনৰ সিদ্ধান্ত লোৱা হয়।

ইয়াৰোপৰি কেবিনেটে এএনএনএ আঁচনিৰ অধীনত চাহ বাগানৰ লোকসকলক প্ৰতিমাহে ২ কেজিকৈ বিনামূলীয়া চেনী দিবৰ কাৰণে সিদ্ধান্ত লয় ৷গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি ৷কাউন্সিলৰৰ ন্যূনতম শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ,পঞ্চায়ত আৰু জিলা পৰিষদৰ পাৰিতোষিক বৃদ্ধি,উচ্চ শিক্ষাৰ ঋণৰ ক্ষেত্ৰত ৫০ হেজাৰ টকাৰ ৰাজসাহাৰ্য্য,চৰকাৰৰ পৰা সা সুবিধা লাভ কৰা উদ্যোগে সংশ্লিষ্ট উদ্যোগত নিযুক্তি দিয়াসকলৰ ৯০ শতাংশ হ’ব লাগিব থলুৱা,কেন্দ্ৰীয় লোকসেৱা আয়োগৰ আধাৰত অসম লোকসেৱা আয়োগৰ পৰীক্ষা,বৃহৎ চাহ বাগিচাৰ চাহপাতৰ উপ কৰ তিনি বছৰলৈ ৰেহাই,উদ্যোগীয়ে সৰ্বোচ্চ ৫০ লাখ টকাকৈ পাঁচবছৰৰ বাবে বিদ্যুতৰ প্ৰতিটো ইউনিটত দুটকাকৈ ৰাজসাহায্য,২০ লাখ টকাকৈ ৫০ শতাংশ জেনেৰেটিং ৰাজসাহায্য আদি।

আনহাতে গাঁও পঞ্চায়তৰ সদস্যৰ পাৰিতোষিক ১.৫০০ টকাৰ পৰা ২,০০০ টকালৈ,আঞ্চলিক পৰিষদৰ সদস্যৰ পাৰিতোষিক ২৫০০ টকাৰ পৰা ৩০০০ টকালৈ আৰু জিলা পৰিষদৰ সদস্যৰ পাৰাতোষিক ৩,৫০০ টকাৰ পৰা ৪০০০ টকালৈ বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে ৷ গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলৰ নূন্যতম শিক্ষাগত অৰ্হতা সাধাৰণ শ্ৰেণী লোকৰ বাবে স্নাতক আৰু এছ চি/এছ টি /অ’বিছি হ’লে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হ’ব লাগিব ৷

লগতে তেওঁলোকৰ ল’ৰা ছোৱালীৰ সংখ্যা দুটাতকৈ অধিক হ’ব নালাগিব ৷আৰু তেওঁলোকৰ গৃহত শৌচালয় থকাতো বাধ্যতামূলক ৷আপোন ঘৰ আঁচনিৰ ৰাজসাহাৰ্য ২.৫ লাখ টকাকৈ প্ৰদান কৰা হ’ব ।জলসম্পদ বিভাগৰ মথাউৰি নিৰ্মাণকে ধৰি অন্যান্য কাম কাজ ত্বৰান্বিত কৰাৰ বাবে ৮০ টা এছিষ্টেন্ট ইঞ্জিনিয়াৰ,৭৯ টা জুনিয়ৰ ইঞ্জিনিয়াৰক থ্ৰী এফত নিযুক্তি কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয়। ইফালে গোলাঘাটত আগৰ গছৰ ক্ৰয় বিক্ৰয় সংহতকৰণৰ বাবে ইন্টাৰনেশ্বনেল ট্ৰেড চেন্টাৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।