শীৰ্ষ বাতৰি

ৰাজ্যুজৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন

Sentinel Digital Desk

ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ মাজতে আজি ৰাজ্যজুৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় ৷ পূৰ্বৰ লেখীয়াকৈ নামঘৰত আজি জন্মাষ্টমী আৰু বহুজনৰ ব্যক্তিগত গৃহত কৃষ্ণ পূজাৰ আয়োজন কৰা হয় ৷ অৱশ্যে ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্টুপীয়া আয়োজনেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় ৷

বহুভক্তই দিনৰ সময়ছোৱা উপবাসে থাকি শ্ৰীকৃষ্ণৰ জন্মক্ষণৰ পাচত লঘু আহাৰ গ্ৰহণ কৰে ৷ ধৰ্মীয় বিশ্বাস অনুসৰি মথুৰাত কংসৰ কাৰাগাৰত মাজনিশা শ্ৰীকৃষ্ণৰ জন্ম হয় ৷ সেই অনুসৰি আজি নিশাও বহু ভক্তই জন্মাষ্টমী পালন কৰিব ৷ গুৱাহাটী মহানগৰীতো বিভিন্ন ৰাজহুৱা নামঘৰত ভাবে-ভক্তিৰে কৃষ্ণা জন্মাষ্টমী পালন কৰা হৈছে।

সাধাৰণতে ইস্কন মন্দিৰত আয়োজনেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় যদিও এইবাৰ ক'ৰ'না মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ জন্মাষ্টমী পালন কৰা হয় ৷ একেদৰে দিছপুৰ লাষ্টগেটৰ নামঘৰতো ক'ৰ'না প্ৰতিৰোধৰ নীতি-নিয়ম মানি চলি জন্মাষ্টমী পালন কৰা হয় ৷ পল্টনবজাৰৰ নামঘৰতো ভক্তৰ সমাগম সীমিত কৰা হয় ৷