শীৰ্ষ বাতৰি

১৯ জুলাইৰ পৰা কামৰূপ মহানগৰত তলাবন্ধত কিছু শিথিলতা

Sentinel Digital Desk

অহা ১৯  জুলাইৰ পৰা কামৰূপ মহানগৰত তলাবন্ধ (লক-ডাউন)ৰ ক্ষেত্ৰত ৰাজ্য কেতবোৰ শিথিলতা ঘোষণা কৰিছে। মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই শনিবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰে। কাইলৈ ১৯ জুলাইৰ সন্ধিয়া ৭ বজাৰ পৰা অহা ২ আগষ্টলৈ এই শিথিলতা প্ৰযোজ্য হব।  মুখ্য সচিবগৰাকীয়ে কৰা ঘোষণা অনুসৰি নিম্নোক্ত ধৰণেৰে কাইলৈৰ পৰা কামৰূপ মহানগৰ জিলাত তলাবন্ধৰ ক্ষেত্ৰত শিথিলতা উপলব্ধ হ'বঃ

১) দোকান খোলাত অনুমতি।

২) ঘৰৰ পৰা বাহিৰলৈ ওলালে মাস্ক পিন্ধাতো বাধ্যতামূলক।

৩) মাস্ক নিপিন্ধিলে এক হাজাৰ টকাৰ জৰিমনা।

৪) খোলা থাকিব শাক–পাচলি, ফল–মূলৰ দোকান।

৫) পথৰ দুয়োকাষৰ এটা ফালৰ দোকানহে খোলা থাকিব।

৬)সকলো নিৰ্মাণ কাৰ্য চলি থাকিব।

৭)মালিকসকলে শ্ৰমিকসকলক নিৰ্মাণস্থলীতে ৰাখিব পাৰিব।

৮) গাখীৰ, শিশু খাদ্য প্ৰতিদিনে উপলব্ধ হ'ব।

৯)বিউটি পাৰ্লাৰ, চেলুন খোলাত অনুমতি ।

১০) আন্তঃজিলা যাতায়াত সোমবাৰ আৰু মঙলবাৰে খোলা থাকিব।

১১) বুধবাৰৰ পৰা বন্ধ থাকিব আন্তঃজিলা যাতায়াত।

১২)ব্যক্তিগত বাহনৰ চলাচল বন্ধ থাকিব।

১৩)নিয়ম অনুসৰি কেব, অটো, ৰিক্সা চলিব পাৰিব।

১৪)৩০% কৰ্মচাৰীৰে চলিব চৰকাৰী–বেচৰকাৰী কাৰ্যালয়।

১৫) সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন।

১৬)আন্তঃৰাজ্যিক যাতায়াত বন্ধ থাকিব।

১৭) জীম, ছুমিংপুল, শ্বপিং মল বন্ধ থাকিব।

১৮) হোটেল–ৰেস্তোৰাঁসমূহে হোম ডেলিভাৰী কৰিব পাৰিব।

১৯) খোলা থাকিব মাছ–মাংসৰ দোকান।

২০) উদ্যোগসমূহ খোলাত অনুমতি।

২১) সোমবাৰৰ পৰা শুকুৰবাৰলৈ ই–কৰ্মাচ সেৱাত অনুমতি।

২২) খোলা থাকিব সুৰাৰ বিপনী।

২৩) সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব সুৰাৰ বিপনী।