শীৰ্ষ বাতৰি

ঐতিহাসিক চমৰীয়া সত্ৰ দৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ

Sentinel Digital Desk

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বুধবাৰে কামৰূপ জিলাৰ ঐতিহাসিক চমৰীয়া সত্ৰ দৰ্শন কৰে ৷ ১৫৮৮তে স্থাপিত শ্ৰী শ্ৰী বিষ্ণু আতাৰ থান চমৰীয়া সত্ৰ হৈছে ৰাজ্যৰ অন্যতম পুৰণি সত্ৰ ৷ সত্ৰ দৰ্শনৰ সময়ত মুখ্যমন্ত্ৰী সোণোৱালে গুৰুজনালৈ সেৱা আগবঢ়ায়। তদুপৰি তেওঁ এই ঐতিহাসিক সত্ৰৰ চাৰিসীমাৰ এখন দেৱালৰ আধাৰশিলাও স্থাপন কৰে ৷ পাছত তেওঁ টুইটাৰত কয়, " ১৫৮৮ত স্থাপিত শ্ৰী শ্ৰী বিষ্ণু আতাৰ থান চমৰীয়া সত্ৰ হৈছে অসমৰ এখন অন্যতম পুৰণি সত্ৰ ৷ সত্ৰ দৰ্শন কৰিলো আৰু গুৰুজনালৈ সেৱা আগবঢ়ালো। তদুপৰি চাৰিসীমাৰ এখন দেৱালৰ আধাৰশিলা স্থাপন কৰো" ৷