শীৰ্ষ বাতৰি

ক'ৰ'নাঃ অসমৰ চৰকাৰী চিকিৎসালয়ত এদিনতে ১১ হেজাৰ নমুনা পৰীক্ষা

Sentinel Digital Desk

ৰাজ্যত চৰকাৰী চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানসমূহত মাথোঁ এটা দিনতে সম্পন্ন হৈছে ক'ৰ'নাৰ ১১হেজাৰ নমুনা পৰীক্ষা ৷ এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এটা টুইটত কয় যে আজিলৈকে ৰাজ্যত ২ লাখ ৪৬ হেজাৰ ৫৯০টা ক'ৰ'না পৰীক্ষা সম্পন্ন হৈছে ৷ কালিৰ তুলনাত আজিৰ দিনটোত ১১হেজাৰ অধিক নমুনা পৰীক্ষণ সম্পন্ন কৰা হয় বুলি তেওঁ সদৰী কৰে ৷ "আজিলৈকে আমি ২, ৪৬, ৫৯০টা ক'ৰ'না পৰীক্ষা সম্পন্ন কৰো ৷ ১৭জুনৰ তুলনাত আজি আমি ১১হেজাৰ অধিক পৰীক্ষা সম্পন্ন কৰিবলৈ সক্ষম হওঁ ।" এটা টুইটত মন্ত্ৰী শৰ্মাই এনেদৰে কয় ৷

উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী মহাবিদ্যালয়সমূহ আৰু স্বাস্থ্য প্ৰতিষ্ঠানসমূহকে ধৰি মুঠ ১২ ঠাইত ক'ৰ'নাৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ ইপিনে, শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৪,৭৭৭ জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৮২ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ৮২ ক'ৰ'না মহামাৰী আক্ৰান্ত ৰাজ্যৰ বিভিন্ন জিলাৰ। ফলত ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ২,১১১ জনলৈ বৃদ্ধি পাইছে।