শীৰ্ষ বাতৰি

বাঘজানৰ অগ্নিকাণ্ডস্থলীত কংগ্ৰেছৰ প্ৰতিনিধি দলঃ ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী

বাঘজান তৈল ক্ষেত্ৰৰ অগ্নিকাণ্ড নিৰ্বাপনৰ বাবে চৰকাৰক যুদ্ধকালীন ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে কংগ্ৰেছে ৷

Sentinel Digital Desk

বাঘজানৰ অগ্নিকাণ্ডস্থলীত কংগ্ৰেছৰ প্ৰতিনিধি দলঃ ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী

অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল ক্ষেত্ৰৰ বিধ্বংসী অগ্নিকাণ্ড নিৰ্বাপনৰ বাবে চৰকাৰক যুদ্ধকালীন ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে বিৰোধী কংগ্ৰেছে ৷ শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত দলৰ এটা প্ৰতিনিধি দল এই অগ্নিকাণ্ডস্থলীত উপস্থিত হয় ৷ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই সাংবাদিকৰ আগত কয়, " আমি অগ্নিকাণ্ডস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লওঁ। ইয়াৰ পূৰ্বে কালি আমি ৰাজ্যপালক স্মাৰকপত্ৰ দাখিল কৰো ৷ আমি এই বিধ্বংসী অগ্নিকাণ্ড যুদ্ধকালীন ক্ষিপ্ৰতাৰে নিৰ্বাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছো৷ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডে যুদ্ধকালীন ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰক "৷ বৰাই লগতে এই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালবৰ্গক উপযুক্ত ক্ষতিপূৰণ আদায় দিবলৈও চৰকাৰৰ প্ৰতি দাবী জনায় ৷ তেওঁ আৰু কয় যে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালককো সাক্ষাৎ কৰিব ৷

ইয়াৰ পূৰ্বে কালি প্ৰদেশ কংগ্ৰেছৰ এটা দলে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে ৷ এই সাক্ষাতৰ সময়ত কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে ৰাজ্যপালক স্মাৰকপত্ৰ দাখিল কৰে ৷ ইপিনে, বাঘজান কাণ্ডৰ বাবে প্ৰদেশ কংগ্ৰেছে ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৷ কালি বিধায়িনী দলৰ মুৰব্বী তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে ৷ মুখ্যমন্ত্ৰী সোণোৱালে এই পৰ্যন্ত অগ্নিকাণ্ডস্থলীত উপস্থিত নোহোৱাৰ বাবে তেওঁক বিৰোধী দলপতিজনে সমালোচনা কৰে ৷ তৈল ক্ষেত্ৰখনৰ অগ্নিকাণ্ডৰ বিষয়টোক মুখ্যমন্ত্ৰীয়ে গুৰুত্বসহকাৰে লোৱা নাই বুলি শইকীয়াই সমালোচনা কৰে ৷